দেওবাৰে পলাশবাৰী-শুৱালকুছি সংযোগী লৌহ পুৰুষ বিষ্ণুৰাম মেধি দলংখনৰ ভূমি পুজন অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ব্ৰক্ষ্মপুত্ৰৰ ওপৰৰ এই দলংখনৰ দৈৰ্ঘ্য ১২.২ কি:মি। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, পলাশবাৰী আৰু শুৱালকুছিৰ দৰে দুটা গুৰুত্বপূৰ্ণ কেন্দ্ৰক এই দলংখনে সংযোগ কৰিব। ৩১৯৭ কোটি টকা মুঠ প্ৰকল্প ব্যয়েৰে ৪ লেন এক্সট্ৰাড’জড যুক্ত পি এছ চি তথা ১০০ বছৰ টিকিব পৰাকৈ ইয়াৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। ঘণ্টাত ১০০ কি:মি গতি চম্ভালিব পৰাকৈ ডিজাইন কৰা এই দলংৰ কাম ২০২৮ চনৰ ভিতৰত সম্পুৰ্ণ হ’ব বুলিও কয় ড° হিমন্ত বিশ্ব শৰ্মাই। লগতে কয় যে, ২০২৩ চনৰ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩৯০ কোটি টকাৰ ব্যয় সাপেক্ষে এই দলংৰ আধাৰশিলা স্থাপন কৰিছিল। ২০১৪ চনলৈকে ব্ৰক্ষ্মপুত্ৰৰ ওপৰত মাত্ৰ তিনিখন দলং আছিল যদিও ২০১৪ চনৰ পাছত আৰু তিনিখন দলং কাৰ্যক্ষম হৈ পৰিছে আৰু আন কেইখনমান নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত আছে।
ইয়াৰোপৰি মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক সময়ত হ’বলগীয়া বা হৈ যোৱা উন্নয়নমূলক প্ৰকল্পৰ খাতিয়ান দাঙি ধৰি কয় যে, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত যোৰহাট- মাজুলীৰ মাজত নতুন দলংৰ কাম আৰম্ভ হ’ল। তাৰ পৰা অলপ আগুৱাই আহি আহা বছৰৰ ভিতৰত গহপুৰ আৰু গোলাঘাটক সংযোগ কৰি ১২,০০০ কোটি টকাৰ ব্যয়ৰে ব্ৰক্ষ্মপুত্ৰৰ তলেদি গাড়ী আহিব পৰাকৈ সুৰংগ নিৰ্মাণ কৰা হ’ব।