ৰাজ্যত পৰ্যাপ্ত পুঁজিৰ অভাৱ ! ঠিকাভিত্তিক শিক্ষকসকলৰ মাজত আজিও হাহাকাৰ

Share

ডিজিটেল ডেস্কঃ ঠিকাভিত্তিক শিক্ষকসকলৰ কৰুণ বিননী আনফালে ৰাজ্যত আকৌ পুঁজিৰ অঁভাৱ। ৰাজ্যত প্ৰায় ৪০ হাজাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ মাজত আজিও হাহাকাৰ। আগষ্ট মাহত ১৭ দিন উকলি যোৱাৰ পাছত আজি পৰ্যন্ত নহ’ল দৰমহা। চাকৰি নিয়মীয়াকৰণৰ দাবীত বাৰে বাৰে অৱহেলিত তথা প্ৰতাৰিত হোৱা পৰিলক্ষিত হৈছে এইসকল শিক্ষক। কিয়নো ২০১২ চনৰ পৰা এই ঠিকাভিত্তিক শিক্ষকসকলক প্ৰাপ্যৰ ক্ষেত্ৰত বিভিন্ন সময়ত ৰাজ্য চৰকাৰে হেমাহি কৰে বুলিও দাবী উত্থাপিত  হৈছে কিয়নো কোনো প্ৰাথমিক ঠিকাভিত্তিক শিক্ষকৰ কোনো নিৰ্দিষ্ট দিনত দৰমহা লাভ নকৰিলে। তাৰ বিপৰীতে, কেতিয়াবা যদি পায় মাহৰ ১৫ তাৰিখে হয়তো কেতিয়াবা পায় মাহৰ ২০ তাৰিখে দৰমহা।

এনেদৰে ভিন্ন সময়ত দৰমহা লাভ কৰি অহাৰ ফলত ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে এইসকল শিক্ষক। এনে এক পৰিপ্ৰেক্ষিততে ঠিকাভিত্তিক শিক্ষকসকলক প্ৰতিমাহৰ ১ বা ২ তাৰিখে সময়মতে দৰমহা মোকলাই দিয়াৰ বাবে দাবী উথাপন কৰিছে সদৌ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। সন্মিলনীয়ে দাবী কৰা অনুসৰি বহু শিক্ষক ঘৰৰ পৰা প্ৰায় ৫০০-৬০০ কিলোমিটাৰ দূৰত থাকি শিক্ষকতা কৰি আছে। তেওঁলোকৰ ঘৰ ভাড়াৰ কথা থাকে লগতে পৰিয়াল পোহপাল দিয়াৰ কথা থাকে। তেওঁলোকে যদি মানসিক হেচাত থাকে তেন্তে শিক্ষাদানত যথেষ্ট প্ৰভাৱ পৰে সেয়ে সময়মতে দৰমহা মোকলাই দিয়াৰ দাবী জনায় অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে। এই সন্দৰ্ভত ইতিমধ্যে স্মাৰক পত্ৰও প্ৰেৰণ কৰিছে শিক্ষামন্ত্ৰীগৰাকীলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *