পাঠ্যক্ৰমত লাচিত বৰফুকনঃ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ

Share

নিউজ ডেস্ক, ৫ আগষ্টঃ দেশৰ সকলো বিদ্যালয়ৰে পাঠ্যক্ৰমত অসমৰ বীৰ যোদ্ধাগৰাকীৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ২০২২ চনটো লাচিত বৰফুকনৰ জন্মজয়ন্তী ৰ ৪০০ সংখ্যক বৰ্ষ। ইতিহাসৰ এই স্বাৰ্নিল অধ্যায়ৰ বিষয়ে দেশবাসীক আৰু অধিক সজাগ – সচেতন কৰাৰ আহ্বনেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে দেশৰ ছাত্ৰ – ছাত্ৰীসকলক বীৰ যোদ্ধা গৰাকীৰ শৌৰ্য-বীৰ্য, স্বদেশ-প্ৰেম তথা আমাৰ এই ইতিহাসৰ গৌৰৱময় অধ্যায়ৰ বিষয়ে অৱগত কৰাৰ স্বাৰ্থত ৰাজ্যৰ বিদ্যালয় – মহাবিদ্যালয় পাঠ্যক্ৰমত লাচিত বৰফুকনৰ গৌৰৱময় গাঁথা সন্নিবিষ্ট কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে, লাচিত বৰফুকনৰ দেশ প্ৰেম আৰু জনমভূমি ৰ প্ৰতি থকা মনোভাৱ আৰু ত্যাগ আজিৰ নৱপ্ৰজনমৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস। কিন্তু দেশৰ অন্য ছাত্ৰ ছাত্ৰী সকলে বৰ বিশেষভাৱে জ্ঞাত নহয় এইগৰাকী যোদ্ধা ৰ বিষয়ে। সেয়ে তেখেতৰ জন্ম জয়ন্তী বৰ্ষ ৰ লগত সংগতি ৰাখি দেশৰ সকলো ছাত্ৰ ছাত্ৰী য়ে জ্ঞাত হব পৰাকৈ বিদ্যালয় মহাবিদ্যালয় ৰ পাঠ্যক্ৰম ত লাচিত বৰফুকনৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *