গুৱাহাটী, ৬জুলাইঃ কেইমাহ মান পূৰ্বে সমগ্ৰ ৰাজ্য জোকাৰি যোৱা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ ভুৱা বুলি প্ৰমাণ হৈছে। চি আই ডিয়ে আদালতত দাখিল কৰা চাৰ্জচীটে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰটোক ভুৱা বুলি প্ৰমাণ কৰে। এনকাউণ্টাৰৰ নেতৃত্ব দিয়া আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে চি আই ডিয়ে দাখিল কৰে চাৰ্জচীট। কীৰ্তিকমলৰ বিৰুদ্ধে প্ৰদীপ বনিয়াই দাখিল কৰা গোচৰটোৰ ফাইনেল ৰিপৰ্ট দাখিল কৰে চি আই ডিয়ে। আৰক্ষীৰ এনকাউণ্টাৰ ভুৱা বুলি দাবী কৰি কীৰ্তিকমলৰ পিতৃয়ে নগাঁও সদৰ থানাত এই গোচৰ ৰুজ কৰিছিল।
উল্লেখযোগ্য যে মাতৃৰ বাবে ঔষধ আনিবলৈ যোৱা কীৰ্তিকমল বৰাক সেই সময়ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰা এটা বিশেষ আৰক্ষী গোটে ভৰিত গুলীয়াইছিল।