মহাকাশত বিলীন হ’ল কিং অৱ স্পীনাৰ

Share

গুৱাহাটী,৫মাৰ্চঃ ক্ৰিকেট জগতৰ এক বিশেষ কৃতিত্বৰ গৰাকী যাৰ স্পীন ভেলীয়ে প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল ।যাৰ হাতৰ পৰশত স্পীনৰ যাদুৰে গুণমুগ্ধ কৰিছল অনুৰাগীসকলৰ মন । যিজনাই শতিকাৰ শ্ৰেষ্ঠ স্পীন বলৰ অধিকাৰী হিচাপেও স্বীকৃতি লাভ কৰি অৰ্জন কৰিছিন বহু খ্যাতি।দুহাতৰ যাদুৰে প্ৰতিগৰাকী ক্ৰিকেটপ্ৰমীৰ মন জয় কৰি ভাৱ জগাই তোলা বিশ্বকাপজয়ী প্ৰাক্তন ক্ৰিকেটাৰগৰাকী আন কোনো নহয় ,অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটা তাৰকা শ্বেন ৱাৰ্ন । ৫২ বছৰ বয়সতে সকলোকে কন্দুৱাই শুক্ৰবাৰে জীৱন নামৰ অধ্যায়টিৰ অন্ত পেলায় এই কিংবদন্তি ক্ৰিকেটাৰগৰাকীয়ে ।থাইলেণ্ডত থকা অৱস্থাতে তাৎক্ষণিকভাৱে হৃদক্ৰিয়া বন্ধ হৈ তেওঁ মৃত্যুমুখত পৰে ।

ক্ৰিকেট জগতত তেওঁৰ স্পীনেৰে গুণমুগ্ধ কৰি উৎফুল্লিত ভাৱ জগাই তোলা ৱাৰ্নে শুক্ৰবাৰে নিজৰ জীৱনৰ ওচৰত হাৰ মানি বিদায় ল’লে চিৰদিন,চিৰকাললৈ ।শ্ৰী লংকাৰ ত্ৰাস সৃষ্টিকৰ্তা স্পীনাৰ মুথীয়া মুৰুলীধৰণৰ পিছতে স্থানপ্ৰাপ্ত তেওঁ ক্ৰিকেটৰ সকলো সংস্কৰণত দ্বিতীয় সৰ্বশ্ৰেষ্ঠ উইকেট দখল কৰা খেলুৱৈজনেই আছিল শ্বেন ৱাৰ্ন । ১৯৯২ চনৰ পৰা ২০০৭ চনলৈকে বিশ্ব ক্ৰিকেটত স্পীনৰ যাদুৰে সকলোকে চমকিত কৰা ৱাৰ্নে ১৪৫ খন টেষ্ট আৰু ১৯৪খন এদিনীয়াত মুঠ ১০০১ টা উইকেট দখল কৰিছিল ।টেষ্টত ৭০৮ টা উইকেট দখল কৰা ৱাৰ্নে এদিনীয়াত ২৯৩ টা উইকেট দখল কৰিছিল । তদুপৰি ,১৯৯৩ চনত অষ্ট্ৰেলিয়াই বিশ্বকাপ জয় কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল শ্বেন ৱাৰ্নে ।

Leave a Reply

Your email address will not be published. Required fields are marked *