নিউজ ডেস্ক,২০ জানুৱাৰী: কাজিৰঙাত পুনৰ সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে গঁড় হত্যা । জানিব পৰা মতে কাজিৰঙাৰ কহঁৰা বনাঞ্চলৰ শিলেখুণ্ডা বন শিবিৰৰ সন্মুখত উদ্ধাৰ কৰা হৈছে মৃত গঁড়তো।চোৰাং চিকাৰীয়ে গঁড়তো হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে বনবিভাগ কৰ্তৃপক্ষই। মৃত গঁড়তোৰ পৰা খৰ্গ কাটি নিয়া বুলি জানিব পৰা গৈছে।
নিশাৰ ভাগত প্ৰায় ৮ বাজি ৪৫ মিনিটত গুলীৰ শব্দ শুনা পোৱা বুলি ইতিমধ্যে অৱগত কৰিছে বন বিভাগ কৰ্তৃপক্ষই। তাৰ পাছত ঘটনাস্থলীত উপস্থিত হৈছিল বুলি জানিব দিয়ে বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে । শেষত বনবিভাগ কৰ্তৃপক্ষই জনাই যে ইতিমধ্যে তেওঁলোকে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰি দিছে।