কঁপি উঠিল কিয়েভ চহৰ, ৰাছিয়াৰ দ্ৰোণ আক্ৰমণ অব্য়াহত

Share
ৰাছিয়াই ক্ৰমাগত দ্বিতীয় নিশা ড্ৰোন আক্ৰমনেৰে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ চহৰ কঁপাই তোলাৰ সময়তে ৰাজধানী চহৰখনত বাজি উঠিল বিমান আক্ৰমনৰ সংকেতধ্বনি ।ইউক্ৰেইনৰ বিষয়াসকলৰ মতে সোমবাৰে পুৱতি নিশা হোৱা ড্ৰোন আক্ৰমনে কিয়েভ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিসমূহ লক্ষ্য কৰি লৈছিল । উল্লেখযোগ্য যে এই আন্তঃগাথনি সমূহ লক্ষ্য কৰি ৰাছিয়ান সকলে কেইবাটাও শ্বাহেদ ড্ৰোন উৎক্ষেপণ কৰিছিল । তেওঁ টেলিগ্ৰামযোগে এই কথা সদৰি কৰে । তেওঁ লগতে কয় “ইউক্ৰেইন বায়ু প্ৰতিৰক্ষা বাহিনীয়ে কাম কৰি আছে “। এতিয়া মূখ্য কথাটো হল শান্ত হৈ থকা আৰু এলাৰ্ম বন্ধ নোহোৱালৈকে আশ্ৰয়স্থলত থকা ।
যোৱা দুদিন ধৰি হৈ থকা এই আক্ৰমনত কমেও তিনিজন লোক নিহত হয়, আনহাতে জাপোৰিজিয়াৰ দক্ষিণ অঞ্চলত হোৱা আক্ৰমনত আন এজনৰ মৃত্যু হয় । 
কিয়েভৰ মেয়ৰ ভিটালি ক্লিষ্টেকাৱে কয় যে সোমবাৰে হোৱা আক্ৰমনত উত্তৰ পূৱ ডেচনিয়ানস্কি জিলাৰ এটা অট্টালিকা ক্ষতিগ্ৰস্ত হওতে এজন লোক আহত হৈছিল। ভুক্তোগীজন ১৯ বছৰীয়া এজন যুৱক বুলি তেওঁ টেলিগ্ৰাম যোগে কয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *