মোদীৰ অসম ভ্ৰমণৰ বিৰোধিতা খালীস্তানী সন্ত্ৰাসবাদীৰ

Share

১৪ এপ্ৰিলত অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসম ভ্ৰমণৰ প্ৰাকমূহুৰ্তত পুনৰ ৰাজ্যখনৰ একাংশ সাংবাদিকলৈ ম’বাইল ফোনযোগে অডিঅ’ বাৰ্তা প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰিছে খালীস্তানী সন্ত্ৰাসাবাদীয়ে। অসম ভ্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই অডিঅ’ বাৰ্তাৰ জৰিয়তে ইয়াৰ বিৰোধীতা কৰিছে কানাডাত থকা “শিখছ ফৰ জাষ্টিচ”ৰ নেতা গুৰু পটোৱান্ত সিং পান্নুনে। এই অডিঅ’ বাৰ্তাটোত খালীস্তানী নেতাজনে উল্লেখ কৰে যে, আনকি অসমৰ পৰা অষ্ট্ৰেলিয়ালৈ যিকোনো ক্ষেত্ৰতে প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰোধীতা কৰিব বুলি হুংকাৰ দিয়ে।উল্লেখ যোগ্য যে খালীস্তানীনেতা “শিখছ ফৰ জাষ্টিচ”ৰ নেতা গুৰু পটোৱান্ত সিং পান্নুনে ২এপ্ৰিলত একাংশ সাংবাদিকলৈ অসমৰ কাৰাগাৰত বন্দী খালীস্তানী ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগত অডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছিল।আৰু ° হিমন্ত বিশ্ব শৰ্মাকো সকীয়নী প্ৰদান কৰিছিল। তাৰ পিছত ১০এপ্ৰিলত একেজন খালীস্তানী নেতাই পুনৰ সাংবাদিকলৈ অডিঅ’ বাৰ্তা প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণ বিৰোধিতা কৰাৰ লগতে হুংকাৰ দিছে। গুৱাহাটীত ১৪ এপ্ৰিলত হব লগা বিহু উৎসৱত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।তদুপৰি আন বহুকেইটা কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰ, আৰক্ষী প্ৰশাসন ব্যস্ত হৈ পৰা সময়তে  ১০এপ্ৰিলত আহি পৰিছে খালীস্তানী নেতাৰ এই বাৰ্তাটো।

Leave a Reply

Your email address will not be published. Required fields are marked *