গুজৰাটৰ ৰাজপথত অটোত কেজৰিৱালৰ প্ৰচাৰ অভিযান

Share

১৩ ছেপ্তেম্বৰ/ ANA নিউজ ডেস্কঃ ১২ ছেপ্তেম্বৰ সোমবাৰে গুজৰাটৰ ৰাজপথত অটোত চলিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নিৰ্বাচনী প্ৰচাৰ ৷ লগতে অটো চালকৰ ঘৰত নৈশ আহাৰ গ্ৰহণেৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে অটোত যাত্ৰা কৰি অটোচালকৰ ঘৰলৈ নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ যোৱা কেজৰিৱালক মাজ বাটতে বাধা দিছিল আৰক্ষীয়ে ৷ যাৰ ফলত মুখ্যমন্ত্ৰী গৰাকী আৰক্ষীৰ সৈতে তীব্ৰ তৰ্ক- বিতৰ্কত লিপ্ত হৈছিল যদিও কিছু সময় পিছত তেওঁক অটো চালকৰ ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছিলে আৰক্ষীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *