কেজৰিৱালৰ অসম ভ্ৰমণৰ পাছতেই বিভিন্ন জনে তেওঁৰ ভাষণত প্ৰতিক্ৰিয়া আগবঢ়ায়।এইবাৰ বিশেষ প্ৰতিক্ৰিয়াল বিধায়ক অখিল গগৈৰ কেজৰিৱালৰ ওপৰত।কেজৰিৱালে দিয়া ভাষণত সন্তুষ্ট নহয় গগৈ।কেজৰিৱালে প্ৰথমবাৰৰ বাবে অসমলৈ আহি অসমৰ প্ৰধান সমস্যা সমূহ আলোচনা কৰিব লাগিছিল যেনে নদীবান্ধ,বিশেষ ৰাজ্য কৰ্তন আদি বিভিন্ন সমস্যাৰ লগতে অসমৰ জাতীয় সমস্যাৰ বিষয়ে কেজৰিৱালে কোনো ধৰণৰ আলোচনা নকৰিলে বুলি ব্যক্ত কৰে অখিল গগৈয়ে।
কেজৰিৱালৰ মন্তব্য আৰু নৰেন্দ্ৰ মোডীদি২০১৪ৰ মন্তব্যৰ মাজত কোনো পাৰ্থক্য নাই বুলি মন্তব্য কৰে অখিল গগৈয়ে।তেওঁ কয় যে দিল্লী এখন সৰু ঠাই ,ৰাজহৰ পৰিৱৰ্তে তাত খৰচ নাই।গতিকে দিল্লীৰ লগত অসমৰ মডেল তুলনা নহয় বুলি মন্তব্য কৰে গগৈয়ে।
আনহাতে, ভোট খুজাৰ পৰিৱৰ্তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পৰিৱৰ্তনৰ কথা ক’ব লাগিছিল বুলি কয় বিধায়ক অখিল গগৈয়ে।