পুনৰ ৬ মাহৰ বাবে বন্ধ হ’ল কেদাৰনাথ ধামৰ দুৱাৰ

Share
নিউজ ডেস্ক, ৬ মাহৰ বাবে বন্ধ হ’ল কেদাৰনাথ ধামৰ দুৱাৰ। কেদাৰনাথ ধামৰ দুৱাৰসমূহ বৃহস্পতিবাৰে পুৱা শীতকালৰ বাবে বন্ধ কৰি দিয়া হয়। স্থানীয় বাদ্যযন্ত্ৰৰ দ্বাৰা বজোৱা সংগীত, সেনা বাহিনীৰ বেণ্ডৰ সুৰ আৰু বহুসংখ্যক ভক্তৰ উল্লাসৰ মাজত বৈদিক স্তোত্ৰ উচ্চাৰণৰ সৈতে ৰীতি-নীতি অনুসৰি একাদশ জ্যোতিৰ্লিঙ্গ ভগৱান কেদাৰনাথৰ দুৱাৰ শীতকালৰ বাবে বন্ধ কৰা হয়।
পৰম্পৰা অনুসৰি দোৱাৰসমূহ বন্ধ হোৱাৰ পিছত ভগৱান কেদাৰনাথ বিশ্বৰ কল্যাণৰ বাবে হিমালয়ৰ বুকুত শীতকালৰ ছমাহ কঠোৰ ধ্যানত মগ্ন হয় বুলি বিশ্বাস কৰা হয়। ইফালে, মন্দিৰৰ দুৱাৰ বন্ধ কৰাৰ পিছত ভগৱান কেদাৰনাথৰ পঞ্চমুখী চলনশীল বিগ্ৰহ উৎসৱ দোলি (পালকিন) বিশেষভাৱে সজাই তোলা হৈছে।
এই বছৰৰ ৩ মে’ত অক্ষয় তৃতীয়াত চৰধাম যাত্ৰা আৰম্ভ হৈছিল আৰু কেদাৰনাথ মন্দিৰৰ দুৱাৰ ৬ মে’ত মুকলি হৈছিল। ইয়াৰ পূৰ্বে ২৬ অক্টোবৰত কেদাৰনাথ ধামৰ গৰ্ভগৃহটো সোণেৰে সজোৱা হৈছিল। গৰ্ভগৃহৰ দেৱাল আৰু চিলিঙক ৫৫০ টা সোণৰ স্তৰৰ সৈতে এটা নতুন ৰূপ দিয়া হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *