পৰ্যটকৰ বাবে বন্ধ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Share

দেশ বিদেশৰ পৰ্যটকৰ বাবে বন্ধ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । কেৱল মাজত মাথো এটা সপ্তাহ আৰু তাৰ পিছতেই বন্ধ হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । পৰ্যটন বছৰৰ  শেষৰ  সময়ছোৱাতো কাজিৰঙাত দেখিব পোৱা গৈছে পৰ্যটকৰ মাজত ব্যাপক ভিৰ লগতে এই প্ৰতিকুল পৰিবেশৰ মাজতো নিম্নগামী হোৱা নাই পৰ্যটকৰ ভিৰ।

সমান্তৰালকৈ এই সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনি আৰু অধিক সুন্দৰ হৈ পৰা পৰিলক্ষিত হৈছে।কাজিৰঙাৰ প্ৰাকৃতিক শোভা , বন্য জন্তুৰ নয়নাভিৰাম বিচৰণ উপভোগ কৰি আপ্লুত দেশী – বিদেশী পৰ্যটকসকল। গড়,হাতী, হৰিণাৰ লগতে  বৃদ্ধি পাইছে কাজিৰঙা পৰ্যটনৰ অন্যতম আকৰ্ষণ ঢেকীয়াপতীয়া বাঘ ।লগতে কোলাহল শূণ্য পৰিবেশত বনৰজাৰ বিশ্ৰামৰ দৃশ্যও দেখিব পোৱা গ’ল ।

এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনত এতিয়া বাঘৰ দৰ্শনে দিয়া নতুন মাত্ৰাই পৰ্যটকৰ মাজত আকৰ্ষণ বৃদ্ধি কৰিছে।যাৰ বাবে পৰ্যটকৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ অভিলেখৰ সৃষ্টি কৰিছে।উল্লেখযোগ্য যে শেহতীয়া গণণাৰ ভিত্তিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১২১ টা বাঘৰ তথ্য লাভ কৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *