পৰ্যটকৰ বাবে দুখবৰ বন্ধ হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ান

Share

অহা মে’ মাহৰ মাজভাগত অন্ত পৰিব কাজিৰঙাৰ  ২০২২ -২৩ পৰ্যটন বৰ্ষ। যোৱা মাৰ্চ মাহত তিনি লাখ চৈধ্য হাজাৰ পৰ্যটকৰ আগমনেৰে অভিলেখৰ সৃষ্টি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। কাজিৰঙা  ৰাষ্ট্ৰীয় উদ্য়ান কৰ্তৃপক্ষই এক জাননী যোগে সদৰি কৰিছে এই নিৰ্দেশনা।

উদ্যানখনৰ কৰ্তৃপক্ষৰ নিৰ্দেশনা মতে ,১ মেৰ পৰা হাতী চাফাৰী আৰু ১৬ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হব জীপ ছাফাৰী । প্ৰচলিত নিয়ম অনুসৰি এই নিৰ্দেশনা জাৰী কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তপক্ষই। বাৰিষাৰ আগমনৰ লগতে বৃদ্ধি পাই অহা ৰদৰ উত্তাপৰ প্ৰতি লক্ষ্য ৰাখি বছৰে মে মাহৰ প্ৰথম ভাগতে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে বন্ধ কৰাটো প্ৰচলিত নিয়ম।কিন্তু পৰ্যটকৰ সুবিধাৰ বাবে মে মাহৰ প্ৰথম পোন্ধৰ দিন জীপ ছাফাৰী অব্যাহত ৰখাৰ বিপৰীতে গৰমত ছাফাৰী কৰাতো হাতীৰ বাবে কষ্টকৰ হয় বাবে ১ মেৰ পৰা হাতী ছাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদ্যান কৰ্তপক্ষই ।উল্লেখযোগ্য যে ২০২২ চনৰ ২ অক্টোবৰত আৰম্ভ হৈছিল কাজি্ৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ।

Leave a Reply

Your email address will not be published. Required fields are marked *