কাছৰ বাবে চৰ্চা লাভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে

Share

জৈৱ বৈচিত্ৰতাৰে পৰিপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ বিচৰণভূমি।ইয়াৰ লগতে বন্যজন্ত,পক্ষী আদিৰ বিচৰণ ভূমি ৰাষ্ট্ৰীয় উদ্যানখন বহু প্ৰজাতিৰ সৰীসৃপৰো আৱাস ভূমি।

উল্লেখযোগ্য যে, গঁড়,হাতী ,বাঘৰ পিছতেই শেহতীয়াকৈ কাজিৰঙালৈ অহা পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে ভিন্ন প্ৰজাতিৰ কাছ।ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ ডিফলু নদীৰ পাৰৰ এটুকুৰা ঠাই কাছৰ বাবে বিশেষভাৱে বিখ্যাত।নদীৰ পাৰত থকা মৰা গছৰ ডালত কাছই ৰদ লৈ থকাৰ বিশেষ দৃশ্যই স্বাভাৱিকতে পৰ্যটকক আকৰ্ষিত কৰিছে।যাৰ বাবে এই ঠাইখনে নাম পাইছে কাছওলোৱা বা কাছমাৰী হিচাপে।ইয়াৰ লগতে সৰু বৰ কাছবোৰৰ নান্দনিক দৃশ্যই  অভিভূত কৰিছে প্ৰতিগৰাকী পৰ্যটকক।

আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত আছে বৰ কাছ,ডোৰা কাছকে ধৰি প্ৰায় ১৭ বিধ ভিন্ন প্ৰজাতিৰ কাছ।ইয়াৰে ১৩ বিধ প্ৰজাতি দুস্প্ৰাপ্য। অসমত যিমান প্ৰজাতিৰ কাছ পোৱা্ যায় তাৰ সৰ্বাধিক কাছ পোৱা যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।ইয়াৰ লগতে ভাৰতত উপলদ্ধ ২৯ বিধ প্ৰজাতিৰ ভিতৰত কেৱল উত্তৰ পূৰ্বাঞ্চলতে ২১ বিধ প্ৰজাতিৰ কাছ পোৱা যায়।তথ্য অনুসৰি কাজিৰঙাত ১৭ বিধ প্ৰজাতিৰেই কাছৰ বিচৰণ দেখা যায়।বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ কাছক লৈ ইতিমধ্যে কৰা হৈছে বহু গৱেষণা।

Leave a Reply

Your email address will not be published. Required fields are marked *