বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Share

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সংহাৰী ৰূপ।বানত বুৰ গৈছে ৫০ শতাংশ এলেকা।বনশিবিৰৰ তলেৰে বৈছে বানপানীৰ সোঁত। বানপৰিস্থিতিত বন্যপ্ৰাণীয়ে হাহাকাৰ কৰিছে বাগৰি বনাঞ্চলত বনশিবিৰ হৈছে গৈ ২৩ টা।

একাংশ বন্যপ্ৰাণীয়ে  ওখ আশ্ৰয় স্থল বিচাৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেৰে ধাৱমান হৈছে কাৰ্বি পাহাৰলৈ। অৱশ্যে ৰাষ্ট্ৰীয় ঘাইপথত বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ দিনে-নিশাই ব্যস্ত হৈ পৰিছে বনকৰ্মী সকল।ইয়াৰোপৰি পৰিৱহণ বিভাগে ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত নজৰ ৰাখিছে।

হালধিবাৰী মন্দিৰ সমীপৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি পাহাৰলৈ যোৱা বন্যপ্ৰাণীবোৰক সুকলমে পথ অতিক্ৰম কৰাত সহায় কৰিছে বনকৰ্মীৰ লগতে পৰিৱহণ বিভাগে।কিয়নো বানপানীৰ সুযোগ লৈ কোনো দুষ্কৃতিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুৰ ওপৰত অত্যাচাৰ বা হত্যা কৰাৰ চেষ্টা কৰিব পাৰে।তাৰ বাবে চোকা দৃষ্টি ৰাখিছে বনকৰ্মীসকলে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *