বছৰৰ দ্বিতীয়টো বানত জলমগ্ন বিশ্ব ঐতিহ্যমণ্ডিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান  

Share

ব্ৰক্ষ্মপুত্ৰৰ বানে দ্বিতীয়বাৰৰ বাবে প্লাৱিত কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ দুটা দিনতে জলমগ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৪৭ শতাংশ এলেকা ৷ ৬০ টা বন শিবিৰৰ তলেৰে বাগৰিছে বান ৷ বন বিভাগৰ তথ্য মতে বৰ্তমান লৈকে হৰিণা ৬টা , ম’হ ১টা , অজগৰ এডাল আৰু ৩টা গড়ৰ মৃত্যু হৈ সম্পূৰ্ণ ১১ টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে ৷ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে অহা ২৪ ঘণ্টাৰ ভিতৰত পানী আৰু বৃদ্ধি হোৱাৰ আশংকা আছে ৷ একাংশ জীৱ-জন্তুৱে বানৰ পৰা পৰিত্ৰাণ পাবলৈ ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰাৰ লগতে ৰাষ্ট্ৰীয় পথৰ কাষত আশ্ৰয় লৈছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰয়োজন সাপেক্ষে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত টাইম কাৰ্ড প্ৰৱৰ্তন কৰিব বুলিও উল্লেখ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *