বিজেপিত যোগদান কৰিলে কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তই।হঠাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতি মোহ হেৰুৱাই পেলালে অভিষেক মহন্তই।বৃহস্পতিবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ যুৱ মৰ্চাৰ ৰাষ্টীয় সভাপতি তেজস্বী সূৰ্যৰ উপস্থিতিত শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বিজেপিত যোগদান কৰে কটনৰ সাধাৰণ সম্পাদক গৰাকীয়ে।শাসকীয় দলটোত যোগদান কৰাৰ পাছতেই কটনৰ সাধাৰণ সম্পাদক গৰাকীয়ে মন্তব্য কৰে যে “বৰ্তমান দেশত বিজেপিৰ কোনা বিকল্প নাই।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত যি ধৰণে উন্নয়ণ হৈছে,ঠিক তেনেদৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম উন্নয়নৰ শিখৰলৈ গৈ আছে।এই দুয়োজন নেতাৰ নেতৃত্ব আৰু বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মই বিজেপিত যোগদান কৰিলোঁ।”
অভিষেক মহন্তৰ বিজেপিত যোগদানক লৈ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে টায়াৰ জ্বলাই প্ৰতিবাদ কৰা পৰিলক্ষিত হয়।ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ ওপৰত গুৰুত্ব নিদি ৰাজনীতিত যোগদান কৰাৰ বিৰুদ্ধে একাংশ ছাত্ৰ-ছাত্ৰীয়ে অভিষেক মহন্তৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰে কটনৰ চৌহদত।