২১ যোৰা আকাশবন্তি প্ৰজ্বলনেৰে আউনীআটী সত্ৰত পালন কৰিব কাতি বিহু

Share
আজি অসমীয়াৰ বাপতিসাহোন কাতি বিহু।সেউজী শস্য়ৰ শ্ৰীবৃদ্ধি কামনাৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আজি চহা অসমীয়াই পালন কৰিব কাতি বিহু।আজিৰ এই বিশেষ দিনটোত ব্য়স্ত প্ৰতিজন অসমীয়াৰ ঘৰে ঘৰে তুলসীৰ তলত জ্বলিব চাকি,আকাশবন্তিৰ পোহৰেৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰ সিমূৰ।চোতালত তুলসীৰ তলত চাকিগছি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ মংগলৰ লগতে সুখ শান্তি সমৃদ্ধিৰ কামনা কৰাৰ উপৰিও খেতিডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে।
ৰাজ্য়ৰ অন্যান্য় প্ৰান্তৰ দৰে মাজুলীতো কাতি বিহু পালন কৰিবলৈ যো-জা চলোৱা হৈছে।মাজুলীত কাতি বিহু শাৰদীয় মুখ্য উৎসৱ হিচাপে গণ্য কৰা হয়।ৰাসোৎসৱ,পালনামৰ দৰেই কাতিবিহু মূখ্য় উৎসৱ মাজুলীৰ।কাতি বিহু উপলক্ষে মাজুলীৰ মূখ্য আকৰ্ষণ হৈছে আকাশবন্তি।ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ আউনীআটী সত্ৰ,দক্ষিণপাট সত্ৰ,গড়মুৰ সত্ৰত আকাশবন্তি প্ৰজ্বলন কৰা হব।বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ঐতিহাসিক আউনীআটী সত্ৰত ৩৭১ বছৰীয়া পৰম্পৰাৰে কাতি বিহু উদযাপন কৰিছে। সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা এই পৰম্পৰা চলি আহিছে।সত্ৰৰ কীৰ্তন ঘৰৰ নিচেই সমীপত প্ৰজ্বলন কৰা হব ২১ যোৰা আকাশবন্তি।
সত্ৰৰ পৰম্পৰা অনুসৰি গায়ন বায়ন,ঢুলীয়া-খুলীয়া,ওজাপালী,নটুৱাৰ লগতে সংকীৰ্ত্তনৰ মাজেৰে সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ, বৰপূজাৰী বয়োজেষ্ঠ বৈষ্ণৱ সকলে সন্ধিয়ালে ২১ যোৰ আকাশবন্তি প্ৰজ্বলন কৰিব।আউনীআটী সত্ৰত পৰম্পৰাগত বৰ্ণাঢ্য কাৰ্যসূচীৰে কাতি বিহু উদযাপন কৰাৰ লগতে মাজুলীৰ অন্য ৩৫ খন সত্ৰই নিৰ্দিষ্ট পৰম্পৰা অনুসৰি কাতি বিহু পালন কৰিব।মাজুলীৰ দক্ষিণপাট সত্ৰত ৭ যোৰা আৰু গড়মূৰ সত্ৰত ৩ যোৰা বন্তি প্ৰজ্বলন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *