নিষিদ্ধ হ’ল ‘কাশ্মীৰ ফাইল্ছ’ ! কিন্তু কিয়? দেশজুৰি প্রতিক্রিয়া 

Share
ডিজিটেল ডেস্ক,১১মে’ঃ মুছলমান সংখ্যাগৰিষ্ঠ কাশ্মীৰৰ পৰা হিন্দুসকলৰ বহিঃপ্রব্রজনৰ বিষয়ত নিৰ্মিত ভাৰতীয় চলচ্চিত্র ‘কাশ্মীৰ ফাইল্ছ’ । বিবেক অগ্নিহোত্রী পৰিচালিত ‘ দি কাশ্মীৰ ফাইল্ছ’ নামৰ চলচ্চিত্রখনৰ মু‌ক্তিৰ পাছতে ভাৰত প্রমুখ্যে কেইবাখনো ৰাষ্ট্রৰ বক্স অফিচত তোলপাৰ লগোৱা পৰিলক্ষিত হৈছিল । উল্লেখযোগ্য যে – এই চলচ্চিত্রখনে বক্স অফিচত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল ।তদুপৰি, ‘কাশ্মীৰ ফাইল্ছ’ চলচ্চিত্রখনক লৈ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোডী তথা হিন্দু  সোঁপন্থী ৰাষ্ট্রীয়তাবাদীসকলে প্রশংসা কৰিছিল । কিন্তু কিছু সমালোচকৰ মতে এই চলচ্চিত্রখন তথ্যৰ ওপৰত ভিত্তি কৰা নহয় তথা মুছলমান বিৰোধী বুলিও সমালোচনা কৰিছিল ।
লক্ষণীয়ভাৱে , শেহতীয়াকৈ ছিংগাপুৰত মুক্তি দিয়াৰ কথা আছিল এই চলচ্চিত্রখন । কিন্তু তাৎক্ষণিকভাৱে , ছিংগাপুৰৰ ছেন্সৰ বৰ্ডে নিষিদ্ধ কৰিলে এই চলচ্চিত্রখন । ইয়াকে লৈ এতিয়া কংগ্ৰেছ সাংসদ শশী থাৰুৰে বিজেপি আৰু পৰিচালক বিবেক অগ্নিহোত্রীক সমালোচনাৰে ভৰি পৰা পৰিলক্ষিত হৈছে সামাজিক মাধ্যম ।শশী থাৰুৰে ছৱিখনক লৈ টুইটাৰত উল্লেখ কৰে যে – ভাৰতৰ শাসকীয় দলে পৃষ্ঠপোষকতা কৰা চলচ্চিত্রখনক ছিংগাপুৰত নিষিদ্ধ কৰা হৈছে ।শশী থাৰুৰে টুইটাৰত শ্বেয়াৰ কৰা এটা স্ক্রীণশ্বটোত য’ত ‘ দি কাশ্মীৰ ফাইল্ছ ‘ নিষিদ্ধ কৰাৰ কাৰণ উল্লেখ কৰা হৈছে । স্ক্রীণশ্বটতো অনুসৰি , ‘ থি কাশ্মীৰ ফাইল্ছ ‘ ত মুছলমানৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে কাশ্মীৰত হৈ থকা সংঘৰ্ষত হিন্দুৰ ওপৰত চলা নিপীড়জনক একপক্ষীয়ভাৱে উপস্থাপন কৰা হৈছে ।চলচ্চিত্রখনে বিভিন্ন সম্প্রদায়ৰ মাজত শক্রতা সৃষ্টি কৰি ছিংগাপুৰৰ বহুধৰ্মীয় সমাজখনৰ সম্প্রীতি বিনষ্ট কৰাৰ আশংকা আছে। আৰু এই বিতৰ্কিত বিষয়টিক লৈ সমালোচনাৰে ভৰি পৰিছে টুইটযুদ্ধ । য’ত চলচ্চিত্রখন নিশিদ্ধ কৰাক লৈ চলি আছে সৰ্বত্রে চৰ্চা ।

Leave a Reply

Your email address will not be published. Required fields are marked *