সলনি হ’ল কৰিমগঞ্জ জিলাৰ নাম। কৰিমগঞ্জ জিলাক নতুনকৈ ‘শ্ৰীভূমি জিলা’ হিচাপে কৰা হৈছে নামকৰণ। এই সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ। মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙলবাৰে দিছপুৰৰ লোক সেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্রী শৰ্মাই কয় যে,”ৰাজ্যৰ গাঁও, নগৰ, চহৰ, জিলাসমূহৰ নাম সেই স্থানৰ ঐতিহ্যৰ চানেকী হিচাপে নামাকৰণ কৰাৰ অংশ হিচাপে কৰিমগঞ্জ জিলাৰ নাম ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ কৰা হৈছে। ইতিমধ্যে বিভিন্ন গাঁও, ঠাইৰ নাম সলনি কৰা হৈছে। গাঁও তথা জিলাসমূহৰ নাম ঐতিহাসিক গুৰুত্বৰ লগতে অভিধানিক হোৱাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কৰিমগঞ্জ জিলাৰ নাম ‘শ্ৰীভূমি জিলা’ কৰা হৈছে। ১৯১৯ চনত চিলেট ভ্ৰমণৰ সময়ত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে চিলেটক সুন্দৰী শ্ৰীভূমি কৈছিল।”