বড়ো আধুনিক গীতৰ স্ৰষ্টা কনক লাল স্বৰ্গীয়াৰী সোঁৱৰণী সংগীত আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ আয়োজন 

Share
গুৱাহাটী, ২৫ ডিচেম্বৰ:বিগত বছৰকেইটাৰ দৰে এইবাৰো বড়ো আধুনিক গীতৰ স্ৰষ্টা তথা সমন্বয় শিল্পী কনকলাল স্বৰ্গীয়াৰীৰ ষষ্ঠ মৃত্যুবার্ষিকী অহা ২৮ ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।১৯৬০ চনত দূৰদৰ্শনত প্ৰথম বড়ো ভাষাৰ অনুষ্ঠান আৰম্ভ হোৱাৰে পৰা বড়ো ভাষাৰ শিল্পী মোহনীমোহন ব্ৰহ্ম, নীলেশ্বৰ ব্ৰহ্ম,গোপাল বড়ো আৰু কনকলাল স্বৰ্গীয়াৰীয়ে বড়ো সংগীত জগতলৈ অনবদ্য বৰঙনি আগবঢ়াইছিল।কনকলাল স্বৰ্গীয়াৰী কেৱল গীতিকাৰে নাছিল তেওঁ আছিল সমন্বয়ৰ বাহক। ১৯৭৬ চনত কোকৰাঝাৰত যেতিয়া গোষ্ঠীগত সংঘৰ্ষ হৈছিল তেতিয়া দুৰ্গত লোকৰ সহায়ৰ বাবে তেওঁলোকৰ মাজলৈ গৈ সমন্বয় গীত গাইছিল কনকলাল স্বৰ্গীয়াৰীয়ে।
তেখেতৰ ষষ্ঠ মৃত্যুবার্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত আধুনিক গীত আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । সদৌ অসম ভিত্তিত আধুনিক গীতৰ বাবে প্ৰয়াত কনকলাল স্বৰ্গীয়াৰীৰ গীতসমূহকেই নিৰ্ধাৰণ কৰা হৈছে। নামভৰ্তিৰ বাবে প্ৰতিযোগীক আগতীয়াকৈ ৮৮৭৬৮০৮৬১৯ নম্বৰত যোগাযোগ কৰিবলৈ কতৃপক্ষই অনুৰোধ জনাইছে। বিজয়ী প্ৰতিযোগীসকলক নগদ ধন আৰু মানপত্ৰসহ সন্মানিত কৰা হ’ব। প্রতিযোগিতাৰ বাবে কোনো বাদ্যযন্ত্রী প্রতিযোগীয়ে নিজাববীয়াকৈ আনিব নালাগে।
প্রতিযোগিতাৰ বাবে কোনো বাদ্যযন্ত্রী প্রতিযোগীয়ে নিজাববীয়াকৈ আনিব নালাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *