গুৱাহাটীৰ ফেৰীসমুহ দ্বৈত ইঞ্জিনযুক্ত কৰাৰ নিৰ্দেশ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ

Share

 

বন্দনা হাজৰিকা ,২৩ চেপ্তেম্বৰঃ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ পিছতেই জল পৰিৱহনৰ ক্ষেত্ৰত যাত্ৰীসকলৰ জীৱনৰ প্ৰতি সজাগ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন ।ফেৰী যাত্ৰাৰ ক্ষেত্ৰত যাত্ৰীসকলৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় ।এই সভাত অংশ গ্ৰহণ কৰে দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰীশংকৰ দাস , অতিৰিক্ত উপায়ুক্ত বিপুল দাসৰ উপৰি , নদী আৰক্ষী বিষয়া আৰু এন ডি আৰ এফৰ বিষয়া উপস্ঠিত থাকে ।

কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে জল পৰিৱহনৰ ক্ষেত্ৰত সকলো সুৰক্ষিত ব্যৱস্থা ল’বলৈ জল পৰিৱহন বিভাগক নিৰ্দেশ দিছে ।ইয়াৰ উপৰি তেওঁ সকলো যাত্ৰীয়ে লাইফ জেকেট পৰিধান কৰাটো বাধ্যতামূলক বুলি সভাত উল্লেখ কৰে ।আৰু এজন দণ্ডাধীশক এই সকলোবোৰ বিষয় চোৱাচিতা কৰিবলৈ নিৰ্দেশ দিয়ে ।লগতে ‘জীৱন ডিঙা’ আচনিৰ জৰিয়তে চৰকাৰৰ ৰাজসাহাজ্যৰে এক ইঞ্জিনযুক্ত ফেৰীসমূহক ডাবল ইঞ্জিনযুক্ত কৰাবলৈ বিভাগক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *