৮ নৱেম্বৰত অৱসৰ গ্ৰহন কৰিব মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে। নিজৰ উত্তৰাধিকাৰী হিচাপে প্ৰস্তাৱ কৰিছে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নাম। এক বৈঠকত ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ সৈতে গ্ৰহন কৰা হৈছিল এই বিশেষ সিদ্ধান্ত। ইয়াৰ লগে লগে ৯ নৱেম্বৰত দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহন কৰাৰ পূৰ্ণ সম্ভাৱনা ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ । কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰৰ উত্তৰ প্ৰেৰণ কৰিছে মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে য’ত চৰকাৰৰ ফালৰ পৰা পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নামৰ বিষয়ে সোধা হৈছিল।এতিয়া দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় হোৱাৰ পূৰ্ণ সম্ভাবনা দেখিবলৈ পোৱা গৈছে।