MBBS পাছ কৰিলে যেনেকৈ চাকৰি নাপাই, ইঞ্চিনিয়াৰ পাছ কৰিলে যেনেকৈ অভিযন্তা নহয়, একেদৰে TET পাছ কৰিলেই শিক্ষক নহয়ঃ ৰণোজ পেগু

Share
গুৱাহাটী,২৫ আগষ্টঃ শিক্ষা মন্ত্ৰী পেগুৱে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত উল্লেখ্য কৰে যে-‘টেট পাছ কৰিলেই নাপাব শিক্ষকৰ চাকৰি৷’যিমান খালী পদ আছে তাৰ বিপৰীতেহে চাকৰি পাব ।‘ডাক্তৰী পাছ কৰিলেই সকলোৱে চাকৰি নাপায়, প্ৰত্যেকজন  ইঞ্জিনীয়াৰ গ্ৰেজুৱেটে চাকৰি নাপায়। গতিকে টে’ট পাছ কৰা সকলোৱে নাপাবও পাৰে চৰকাৰী চাকৰি৷ লগতে এই কথাষাৰ চৰকাৰৰ ফালৰ পৰা বহুবাৰ উল্লেখ্য কৰি অহা হৈছে বুলিও শিক্ষামন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে৷
    তদুপৰি শিক্ষামন্ত্ৰী গৰাকীয়ে জনাই যে -টে‘’ট হৈছে এটা যোগ্যতা ভিত্তিক পৰীক্ষা৷ আৰু এই চাকৰি পাবলৈ বি এড, ডি এল এড লাগে বাধ্যতামূলক লগতে যিমান খালী পদ আছে তাৰ বিপৰীতে নম্বৰৰ এটা প্ৰতিযোগিতা হয়। আৰু কিছুসংখ্যক থাকি যায়৷
গতিকে তাৰ কাৰণে আন্দোলনৰ ভাবুকি যুক্তিসংগত নহয় ৷
     উল্লেখ্য যে,শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে অসমৰ চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ হাজাৰ কোটি টকা ঘোষণা কৰা হৈছে বুলি মন্তব্য কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *