বিশিষ্ট লেখিকা “জুৰি বৰা বৰগোহাঞি”য়ে এবাৰ নৈশ বাছেৰে চাবুৱাৰ পৰা যোৰহাটলৈ গৈ আছিল। শিৱসাগৰ ডিমৌ পাৰ হোৱাৰ পিছতে পুলিচে তেওঁলোকৰ বাছখন ৰখাই এজনী সৰু ছোৱালীক বাছৰ পৰা নমাই লৈ গৈছিল। ছোৱালীজনী ভয়ত কঁপিছিল। লেখিকাই বাছৰ পৰা নামি গৈ ঘটনাটো নো কি পুলিছক সুধিছিল। কোনোবা এটা নাৰী সৰহবৰাহকাৰী চক্ৰই ছোৱালীজনী পলুৱাই আনিছিল বুলি পুলিচে জনাইছিল। সৰু ছোৱালীজনীৰ সজল চকুত ভাঁহিছিল অলেখ প্ৰশ্ন। তাই একো বুজি পোৱা নাছিল। লেখিকা বৰগোহাঞিয়েও একো বুজি পোৱা নাছিল। এই কাহিনী বুজিবলৈকে তেওঁ ঢাপলি মেলিছিল বিভিন্ন ঠাইলৈ। আৰু এনেকৈয়ে “ভোক” নামৰ উপন্যাস খনৰ আৰম্ভণি হয়।
আমি দেখি থকা এই জীৱনৰ সিটো ফালে কিছুমান মানুহে যন্ত্রণাৰে দিন কটাইছে। অলেখ মানুহ। “ভোক” বুলি কলে আমি পোনতে পেটৰ ভোকৰ কথাকেই বুজো আৰু অলপ আগুৱাই গৈ আমি শৰীৰৰ ভোকৰ কথা ভাবিব পাৰোঁ। এই দুয়োটাই প্ৰাকৃতিক। কিন্তু আৰু এক ধৰণৰ কৃত্রিম ভোকে গ্রাস কৰিছে নেকি আমাক? লেখকা জুৰি বৰগোহাঞিৰ নৱতম উপন্যাস “ভোক” ৰ মূল বক্তব্য পৃথক যদিও , এই প্ৰশ্নটোৱে খুদুৱনি এৰি যায় মনত। সমকালীন ভাৰতীয় সাহিত্যত বেশ্যাৰ বিষয়টো প্ৰায় এলাগী বুলিয়েই ক’ব পাৰি। এনে এটা বিষয়বস্তুৰে উপন্যাস লিখি লেখিকাই প্ৰশংসনীয় সাহস দেখুৱাইছে। এগৰাকী নাৰীৰ দৃষ্টিৰে বেশ্যাৰ জীৱনক উপস্থাপন কৰাটোও এক নতুনত্বই বুলিব পাৰি। উপন্যাসখনৰ কাহিনী এগৰাকী তিব্বতী ভগনীয়া ছোৱালীৰ মাধ্যমেৰে প্ৰকাশ কৰা হৈছে। পেটৰ ভোক আৰু পৰিৱেশে বেশ্যাৰ জীৱন আকোৱালি ল’বলৈ বাধ্য কৰা তিব্বতী ছোৱালীজনীৰ সৰুৰ পৰা আৰম্ভ কৰি প্ৰথমবাৰৰ বাবে এই বৃত্তি গ্ৰহণ , বিভিন্ন ৰূপত এই ব্যৱসায় আৰু শেষ বয়সত “দোকান বন্ধ ” হোৱাৰ পাছত এখন বেশ্যালয়ত তেওঁৰ বৃদ্ধাৱস্থালৈকে উপন্যাস খনে সামৰি লৈছে, লগতে সামৰি লৈছে আনুসঙ্গিক বহু চৰিত্ৰ। ২৫০ পৃষ্ঠাৰ এই উপন্যাসখনত বেশ্যাবৃত্তিৰ বিভিন্ন প্ৰকৃতি আৰু
লগতে এই ব্যৱসায়টোৰ প্ৰায় সকলে গতিবিধি সামৰি লোৱাৰ প্ৰচেষ্টা কৰা হৈছে। লগতে নাৰী সৰবৰাহ, বেশ্যাৰ ব্যক্তিগত জীৱনটো, শেষকালৰ অৱস্থা, ব্যক্তিগত ৰোগ, তথাকথিত সমাজসেৱী গোট বিলাকৰ প্ৰকৃত স্বৰূপ, সকলোবোৰ বাস্তবসন্মত আৰু বিশ্বাসযোগ্য ৰূপে তুলি ধৰাটো ঔপন্যাসিকৰ সাফল্য।
কিছুমান লোকে এক সহজ জীৱন ধাৰাৰ আশাতো নাৰী সৰহবৰাহকাৰী সকলৰ কবলত পৰে,কিন্তু আচলতে যে এই ব্যৱসায়টোৰ পৰা বেশ্যাগৰাকীয়ে সকলো হেৰুৱাব লগা হয়,কেতিয়াও এটা সচ্ছল জীৱন ধাৰণ কৰিব নোৱাৰে কথাটো উপন্যাস খন পঢ়িলে মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰি।এইটোৱেই উপন্যাসখনৰ সমাজলৈ নূন্যতম বাৰ্তা।
“ভোক” উপন্যাস খনত লেখিকাই আৰু এটা অন্য দিশ উন্মোচন কৰিছে।পেটৰ দায়ত বা সামাজিক পৰিস্থিতিত পৰি বেশ্যা বৃত্তি লোৱা সকলৰ বাদেও সমাজত আৰু এক শ্ৰেণীৰ বেশ্যা চিত্ৰিত কৰা হৈছে,তেওঁলোক হৈছে ছদ্মবেশী বেশ্যা।এই শ্ৰেণীটোৱে পেটৰ ভোকৰ বাবে বেশ্যা নহয় হয় এক বিলাসী জীৱন উপভোগ কৰাৰ বাবে,অলপমান আছুতীয়া আনন্দৰ বাবে।তেওঁলোকৰ অৱস্থা কিন্তু উপন্যাস খনৰ বেশ্যা সকলৰ দৰে নহয়গৈ আৰামত বিয়া বাৰু কৰি সংসাৰ কৰি সন্তান জন্ম দি তেওঁলোক জীয়াই থাকে।এই ছদ্মবেশী বেশ্যাসকলোৰ বাবেই পেটৰ দায়ত ৰেড লাইত এৰিয়াত থকা বেশ্যাসকলে এসাঁজ ভাত উলিয়াবলৈও টনাটনি হৈছে।এই কথাই যে প্ৰত্যেকজন সংবেদনশীল পাঠকক জোকাৰি যাব সেই কথা ধুৰূপ।
সুখপাঠ্য বুলিলে যদি আমি “Feel good reading”বুলি ভাবো ,তেন্তে “ভোক”সুখপাঠ্য নহয়।বৰঞ্চ পাঠকক জোকাৰি যোৱা এক ধুমুহা বুলিহে ক’ব পাৰি।সমগ্ৰ উপন্যাসখন পঢ়ি মোৰ এনে নেলাগিল যে মই কেৱল কিছুমান মানুহৰ কথাই পঢ়িলো,এনে লাগিল যেন গোন্ধময় নৰ্দমাত বাস কৰা কীট কিছুমানৰ কাহিনীহে এইয়া যাৰ মানৱীয়তা,প্ৰেম,বিশ্বাস,অধিকাৰ,সুখ-শান্তি,সংসাৰ আদি বোলা শব্দবোৰৰ কোনো অস্তিত্বই নাই।তেওঁলোকে বেদনা বুকুত লৈ হাঁহিবলৈ শিকে মাথোন।সিহঁতক কোনোবাই মাৰি-কাটি গলেও ডাঙৰ কথা নহয়,সিহঁতৰ কাৰণে দুখ কৰা মানুহো নাই।উপন্যাসখন পঢ়ি থকাৰ সনয়ত অন্তহীন হুমুনিয়াহ এৰিছিলো।এই যে বেশ্যা বুলি গালি পাৰে অথবা নামটো দিয়ে তাৰ আঁৰৰ কাহিনীবোৰ কিমানে বুজিবলৈ যত্ন কৰে ।আমাৰ মনত স্থান দিব নোৱাৰোনে অসহায় নাৰীসকলক?ইচ্ছা কৰি কোনেও বেশ্যা নাম নলয়।শেষ পৰ্যায়লৈকে নাৰীয়ে নিজৰ দেহৰ প্ৰতি সন্মান আৰু মৰম কঢ়িয়াই ফুৰে ।বেশ্যা কাক কয় সেয়া জানিছিলো,কিন্তু কি পৰিস্থিতিত পৰি মন নথকা স্বত্বেও বেশ্যা হব লগা হয়,সেয়া উপন্যাসখন পঢ়াৰ পিছতহে উপলব্ধি কৰিব পাৰিছো,আৰু এয়াই হয়তো উপন্যাসখনৰ ডাঙৰ সফলতা।
বিদিশা চৌধুৰী।
যোগাযোগ আৰু সাংবাদিকতা বিভাগ,গুৱাহাটী বিশ্ববিদ্যালয়।