কলিয়াবৰ সমষ্টিটো অধিকাংশ সময় কংগ্ৰেছৰ দখলতে থকাৰ লগতে অধিকাংশ সময় আছে প্ৰয়াত তৰুণ গগৈৰ পৰিয়ালৰ দখলত।কিন্তু এইবাৰ যিকোনো প্ৰকাৰে এই সমষ্টিটো লাগে বিজেপিৰ।বৰ্তমান লোকসভা সমষ্টিৰ তিনিটাকৈ সমষ্টি আছে বিজেপিৰ দখলত। এই তিনিটা সমষ্টি নিজৰ দখলত অনাৰ লক্ষ্য়ৰে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।
কলিয়াবৰ সংসদীয় সমষ্টিটো ১৯৬৭ চনৰ পৰা বৰ্তমানলৈ কংগ্ৰেছৰ দখলত।এই সমষ্টিটো অকল কংগ্ৰেছ বুলি ক’লেও ভুল নহব,সমষ্টিটোত তিনিবাৰ সাংসদ হৈছে প্ৰয়াত তৰুণ গগৈ,দুবাৰ সাংসদ হৈছে দীপ গগৈ আৰু ২০১৪ আৰু ২০১৯ত সমষ্টিটোৰ পৰা সাংসদ হৈছে গৌৰৱ গগৈ। কিন্তু এইবাৰ এই সমষ্টিটো যিকোনো প্ৰকাৰে লাগে বিজেপিক।
এই সমষ্টিটো দখলৰ লক্ষ্য়ৰে মে’ মাহত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।”আমি ১৪ খনেই আসন জয়ী হোৱাৰ লক্ষ্য় লৈছো। ১২ খন জয়ী হোৱাটো নিশ্চত।কলিয়াবৰ,নগাঁও আৰু বৰপেটা আমি দখল কৰিম।মে’ত আমাৰ ৰাষ্ট্ৰীয় সভাপতি আহিব।”এইদৰে কয় বিজেপিৰ ৰাজ্য়িক সভাপতি ভৱেশ কলিতাই।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অসমলৈ অহাৰ পূৰ্বে বিজেপি অসম প্ৰদেশৰ বিষয়ববীয়া সকলৰ বৈঠক অনুষ্ঠিত হ’ব পথৰুঘাটত। ২২ মে’ত পথৰুঘাটত হ’ব এই ৰাজ্য়িক বৈঠক। ২৩ মে’ত বিজেপিয়ে দেশজুৰি ব্য়াপক ৰুপত শুনাৰ ব্য়ৱস্থা কৰিব প্ৰধানমন্ত্ৰীৰ ১০০ সংখ্য়ক ‘মন কী বাত’। এইবোৰৰ অংক এটাই,যিকোনো প্ৰকাৰে ২০২৪ ৰ নিৰ্বাচনত কংগ্ৰেছৰ দখলৰ পৰা উদ্ধাৰ কৰিব লাগে কলিয়াবৰ,নগাঁও,বৰপেটা। বিশেষকৈ কলিয়াবৰ সমষ্টিটো দখল বিজেপিৰ বাবে এতিয়া হৈ পৰিছে ডাঙৰ প্ৰত্য়াহ্বান।