অধিক ৰহস্যৰ আবৰ্তত সোমাই পৰিছে জোনমণিৰ ৰাভাৰ মৃত্যু

Share

ভৱাবহ পথ দুৰ্ঘটনাত মৃত্যু হল মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তথা সুদক্ষ আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ । ঘটনাটো আছিল মঙল বাৰৰ পুৱতি নিশাৰ । জখলা বন্ধাত পুৱতি নিশা প্ৰায় ২ বজাত ইউ পি ৭৮ ইউ টি ৪৫১৮ নম্বৰৰ ট্ৰাকখনৰ সৈতে জোনমণিৰ ৰাভাৰ এ এছ ০১ ই এন ৭২৭৩ নম্বৰৰ গাড়ীখনৰ সৈতে হোৱা এক মুখামুখি সংবৰ্ষৰ ফলত থিতাতে নিহত হয় আৰক্ষী বিষয়া জোনমণি ৰাভা । এই ঘটনাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

জোনমণি ৰাভাৰ মৃত্যুক এতিয়া সহজ ভাবে লব পৰা নাই ৰাজ্যৰ একাংশ লোকৰ লগতে পৰিয়ালৰ লোকে । পূৰ্বৰে পৰা বহু কেইটা কাৰণত চৰ্চিত হোৱা সৎ সাহসী আৰক্ষী বিষয়া গৰাকী জোনমণি ৰাভাই ৰাজ্যৰ এগৰাকী বিধায়কক উচিত প্ৰত্যুত্যৰ দি প্ৰথমে চৰ্চালৈ আহিছিল । জোনমণিৰ মৃত্যুত এতিয়া একাংশই ৰহস্যৰ গোন্ধ পাইছে । অধিক ৰহস্যত সোমাই পৰিছে জোনমণি ৰাভাৰ মৃত্যুয়ে ।

মঙলবাৰৰ দিনটোত আৰক্ষী বিষয়া গৰাকীৰ  মাতৃয়ে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ পিছতেই আবেলিৰ ভাগত ডি জি পি জি পি সিঙে এক টুইটযোগে জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত চি আই ডি তদন্ত ঘোষনা কৰা বুলি অৱগত কৰে । তাৰ পিছতো জোনমণিৰ মৃত্যু সন্দৰ্ভত প্ৰতিক্ৰিয়া অব্যাহত আছে । চি আই ডিৰ উচিত  তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *