নতুন মোৰ লৈছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই। চি.বি আইৰ শেহতীয়া প্ৰতিবেদনৰ ভিত্তিত নগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে অসম আৰক্ষীৰ সাতগৰাকীকৈ বিষয়াৰ বিৰুদ্ধে। ইয়াৰোপৰি গোচৰটোত নাম সাঙোৰ খোৱা আন দুজন লোকৰ বিৰুদ্ধেওঁ নগাঁও আৰক্ষীয়ে অপৰাধৰ গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ এক বিশেষ সূত্ৰে জানিব পৰা মতে ৰচিদুল হক আৰু ৰাজু বাস্ফৰৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। চি.বি আইয়ে দাখিল কৰা অভিযোগনামাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে মৃত জোনমণি ৰাভাৰ মাতৃয়ে।
ইয়াৰ পিছতেই সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জোনমনি ৰাভাৰ মাতৃয়ে।সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জোনমনি ৰাভাৰ মাতৃয়ে। তেওঁ কয় ”চাৰিজন বিষয়াৰ নাম কিয় প্ৰতিবেদনত নাই সেইটো ডাঙৰ প্ৰশ্ন।পৱন কলিতাই হাঁহি হাঁহি মাতে ৰেপি ৰেপি কাটে। দৰ্খাস্ত দি আহিলো, তাত লীনা দলে আৰু আন কোনোবা কোনোবাৰ নাম নোহোৱা কৰি পেলালে।যিদিনা কেচ উঠাব মাতিছিল, সেইদিনা লগ পালো, মই ক’লো তুমি দৰ্খাস্তৰপৰা নাম কেইটা কিয় নাইকিয়া কৰিলা? তেতিয়া তেওঁ কৈছে মই কি কৰিলোঁ, চিবিআয়ে তেওঁক চুপ ৰহৌ বুলি কৈ জেলত ভৰাই থ’ম বুলি কৈছিল। তেওঁ দোষী কাৰণে মোক একো উত্তৰ দিব নোৱাৰিলে।“
“মই পঢ়া-লিখা নাজানো বাবে মোক চবেই ঠগিলে। মোৰ ছোৱালীজনীকো ঠগিলে। ইয়াত ডাঙৰ ডাঙৰ অফিচাৰ বিলাক জড়িত হৈ আছে । মুখ্যমন্ত্ৰী মোৰ ঘৰত কিয় নাহিল ? জোনমনি গৃহবিভাগৰ মানুহ নহয় নেকি ? তেওঁলোকতো বহুত সাধাৰণ মানুহৰ ঘৰত যায়, ইয়ালৈ কিয় নাহিল ?” সুমিত্ৰা ৰাভাই কয়।
তেওঁ আৰু কয়, “নকল টকা পোৱা ঘটনাটোত ডাঙৰ ডাঙৰ মানুহ জড়িত হৈ আছে, যাৰ বাবে জোনমণিৰ মৃত্যু হ’ল। সেয়ে মই বিচাৰিছোঁ উচিত শাস্তি হওক। জেল হ’লে দুদিন পিচতে জামিনত খালাচ হৈ আহিব। টকা থাকিলে বিচাৰ হয়, টকা নাথাকিলে বিচাৰ নাপায়। মই বিচাৰিছোঁ আদালতে ন্যায় বিচাৰ কৰক।“