আজিৰে পৰা আৰম্ভ হৈছে জোনবিল মেলা

Share

আজিৰে পৰা আৰম্ভ হৈছে জাগীৰোডৰ ঐতিহাসিক গোভা দেওঁৰজাৰ জোনবিল মেলা। ১৬ জানুৱাৰী পৰা ১৮ জানুৱাৰীলৈ ৩ দিনীয়াকৈ জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হ’ব ঐতিহাসিক জোনবিল মেলা। পাহাৰত উৎপাদিত সামগ্ৰী লৈ কাৰ্বি আংলং আৰু মেঘালয়ৰ শতাধিক গাৱৰ পৰা ভৈয়ামলৈ নামি আহিছে মামা-মামীসকল। বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিছে জোনবিলৰ পাৰ। আজি গোভা দেওঁৰজা চাৰিভাই দেওঁশালত মাংগলিক পূজা অৰ্চনাৰে শুভাৰম্ভ কৰা হয় মেলাৰ। প্ৰথমদিনাৰ কাৰ্যসূচীত এইবাৰ নৰ্থ ইষ্ট জ’ন কালচাৰেল চেন্টাৰ ডিমাপুৰৰ ভাৰত চৰকাৰৰ দুটাকৈ সাংস্কৃতিকদলে নৃত্য পৰিবেশন কৰিব। সন্ধিয়ালৈ কাৰ্বি স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই জোনবিল মেলাৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰিব। তাৰ পাছতে অনুষ্ঠিত হব সাংস্কৃতিক অনুষ্ঠান। মেলাৰ দ্বিতীয় দিনাৰ প্ৰথম কাৰ্যসূচী বিনিময় প্ৰথা উদ্ধোধন কৰিব মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। আন এক লক্ষণীয় কাৰ্যসূচী হৈছে জোনবিল মেলাত সমূহীয়া মাছধৰা কাৰ্যসূচী লগতে কুকুৰা যুঁজ প্ৰতিযোগিতা। জোনবিল মেলালৈ অহা পৰ্যটকসকলৰ বাবে বিশেষ প্ৰদৰ্শনীৰো ব্যৱস্থা কৰিছে উদযাপন সমিতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *