গুৱাহাটীত আৰম্ভ হ’ল JIO 5G সেৱা

Share

আৰম্ভ হ’ল  গুৱাহাটীত JIO 5G সেৱা । AIRTEL 5G ৰ পিছত এইবাৰ JIO 5Gৰ সেৱা গুৱাহাটীত আৰম্ভ কৰিলে আম্বানিয়ে । অসমে প্ৰযুক্তিগত পৰিৱৰ্তনৰ যাত্ৰাত এক সীমা অতিক্ৰম কৰিছে । ১০ জানুৱাৰী মঙ্গলবাৰে  জনতা ভৱনত  অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  JIO 5G সেৱা মুকুলি কৰি JIO 5G সেৱাবোৰে আমাৰ অৰ্থনীতি আৰু সামাজিক জীৱন সলনি কৰিব বুলি সংবাদ মাধ্যমৰ আগত মত-প্ৰকাশ কৰিলে । বান আৰু কভিদ ১৯ ৰ সময়ত অসমক সহায় কৰা বাবে আম্ৱানিক ধন্যবাদ জ্ঞাপন কৰি অসমৰ সৰ্বাঙ্গীন বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে মুকেশ আম্বানিক পুনৰ সলাগ ললে মুখ্যমন্ত্ৰী গৰাকীয়ে । আনহাতে, কামাখ্য়া মন্দিৰৰ দৰ্শনাৰ্থীলৈ আজিৰে পৰা  বিনামূলীয়া JIO 5G WiFi সেৱাৰ ব্যৱস্থা কৰি দিছে  মুকেশ আম্বানিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *