নিউজ ডেস্ক, ২২ আগষ্টঃ শংকৰ জ্যোতি বৰুৱাৰ নেতৃত্বত আছুৰ এটা দ’লে ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ বিন্নাসৰা নদীপথৰ পথ পৰিদৰ্শন কৰে। আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই কয় যে, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কেৱল বক্তৃতাৰ ফুলজাৰি মাৰি সীমান্তৰ নিৰাপত্তাৰ কথা কয়। কিন্তু বাস্তৱত সীমান্তৰ কোনোধৰণৰ নিৰাপত্তা নাই । চৰকাৰৰ নিৰৱতাৰ বাবে জেহাদিয়ে অনায়সে উন্মুক্ত পথেৰে অসমত প্ৰৱেশ কৰে বুলি তেখেতে মন্তব্য প্ৰকাশ কৰে। লগতে তেঁও কয় যে, উত্তৰ-পূব জেহাদীৰ কৰিড’ৰ হিচাপে পৰিগণিত হৈছে। পশ্চিম সীমান্তত অনুপ্ৰবেশকাৰীক দেখা মাত্ৰেই গুলিওৱাৰ নিৰ্দেশ দিয়াৰ দৰে পূব সীমান্ততো তেনে নিৰ্দেশ দিবলৈ ভাৰত চৰকাৰক দাবী জনায় ছাত্ৰ নেতাগৰাকীয়ে ।
আনহাতে, পাকিস্তান যেনেকৈ আমাৰ শত্ৰু তেনেকৈ বাংলাদেশো আমাৰ শত্ৰু বুলি অভিহিত ছাত্ৰ নেতাগৰাকীৰ । অসম চুক্তিৰ আধাৰত সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ লগতে পূৰ্বতে অসম আৰক্ষীয়ে প্ৰথম শাৰীৰ নিৰাপত্তা প্ৰদান কৰিছিল । কিন্তু কেন্দ্ৰীয় চৰকাৰৰ কৌশলপূৰ্ণ অৱস্থানত সীমান্ত সুৰক্ষা বাহিনীক সীমান্তৰ নিৰাপত্তাৰ নিৰাপত্তাৰ দায়িত্ব দি অসম আৰক্ষীক দ্বিতীয় শাৰীৰ ৰাখি গুৰুত্বহীন কৰা হ’ল । ফলত সীমান্তবাসীয়ে কেৱল নিৰাপত্তাহীনতাত ভোগাই নহয়, জেহাদীয়ে সমগ্ৰ অসমকে ধৰি উত্তৰ – পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত প্ৰৱেশ কৰি আছে বুলি বৰুৱাই অভিযোগ কৰে ।