চাহ জনগোষ্ঠীয় সমাজৰ সাংস্কৃতিক বৈশিষ্ট্য প্ৰচাৰৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত হব ঝুমুইৰ বিনন্দিনী। একেলগে ৮ সহস্ৰাধিক শিল্পীয়ে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰদান মন্ত্ৰী নৰেন্দ্ৰ মোদী, এদিনীয়া ভ্ৰমন কাৰ্যসূচীৰে অসমত উপস্থিত হব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। ঝুমুইৰ বিনন্দিনী চাবলৈ আগ্ৰহী সকলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ,সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয় আৰু সৰুসজাইৰ পৰা সংগ্ৰহ কৰিব পাৰিব প্ৰৱেশ পত্ৰ। ইতিমধ্যে অসমৰ ভিন্নপ্ৰান্তৰ পৰা ৮ সহস্ৰাধিক ঝুমুৰ শিল্পী উপস্থিত হৈছে গুৱাহাটীত। মাদলৰ তালে তালে, ঝুমুইৰৰ সুৰে সুৰে আজিৰ পৰা সৰুসজাই ষ্টেডিয়ামত আৰম্ভ হৈছে ইয়াৰ কেন্দ্ৰীয় আখৰা।