পেলনীয়া থাৰ্মকলৰে প্ৰস্তুত হল জাপি আৰু শৰাই

Share
ডিজিটেল ডেক্স,৮মাৰ্চ : ডিব্ৰুগড় জিলাৰ অন্তৰ্গত অসম বুক অৱ ৰেকডত স্বীকৃতিপ্ৰাপ্ত জকাই জোনাক আৰ্ট একাডেমীৰ অধ্যক্ষ বিশিষ্ট চিত্ৰশিল্পী মৌচম সোনোৱালে বিগত আঠমাহ ধৰি জোনাক এলাডেমীৰ চিত্ৰ শিল্পৰ ৭০গৰাকী  ছাত্ৰ ছাত্ৰী সহযোগত নিজ হাতে প্ৰচেষ্টা চলাই পেলনীয়া থাৰ্মকলৰ পৰা সাজি উলিয়ালে ৭০ হাজাৰ জাপি আৰু ৩০হাজাৰ শৰাই আৰু শণিবাৰে জকাই কলিয়নী গাৱঁৰ জকাই কলিয়নী গাৱঁৰ ৰাজহুৱা খেলপথাৰত আয়োজিত সভাত প্ৰদৰ্শন কৰে নিজ হাতে তৈয়াৰী এই জাপি আৰু শৰাইবোৰ৷ এই অনুষ্ঠানটোত ৰাইজৰ সন্মুখত নিজৰ অনুভৱ প্ৰকাশ কৰি শিল্পী মৌচম সোনোৱালে  থাৰ্মকলৰ পৰা জাপি আৰু শৰাই সাজি বিশ্বৰেকৰ্ড কৰাৰ প্ৰয়াস বিগত ছয়টা বছৰৰ সপোন আৰু ৰাইজৰ আৰ্শীবাদ লগতে জোনাক আৰ্ট একাডেমীৰ ছাত্ৰ- ছাত্ৰীৰ সহযোগিতাই আজি সফলতাৰ কাৰণ বুলি উল্লেখ কৰে৷ 

Leave a Reply

Your email address will not be published. Required fields are marked *