জাপান-দঃকোৰিয়ালৈ কঠোৰ বাৰ্তা ৰাছিয়াৰ

Share

জাপান-দক্ষিন কোৰিয়ালৈ কঠোৰ বাৰ্তা প্ৰেৰণ ৰাছিয়াৰ ৷ জাপানে ইউক্ৰেইনলৈ সহায় কৰিবলৈ আগবাঢ়ি অহাৰ লগতে দঃকোৰিয়াই ৰাছিয়ালৈ সামগ্ৰী আৰু যন্ত্ৰপাটিৰ ৰপ্তানি বন্ধ কৰি দিয়া কাৰ্যত সৰৱ হৈ উঠি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে দুয়োখন ৰাষ্ট্ৰলৈ এক কঠোৰ জাননী প্ৰেৰণ কৰিছে ৷ তথ্যমতে জাপানে ইউক্ৰেইনক পেট্ৰিয়ট এয়াৰ ডিফেন্স ছিষ্টেম দিয়াৰ সিদ্ধান্ত লৈছে ৷ এই কথা জানিব পাৰি ৰাছিয়াই লগে লগে জাপানলৈ এয়াৰ ডিফেন্স ছিষ্টেম নিদিবলৈ কঠোৰ জাননী প্ৰেৰণ কৰিছিল ৷ লক্ষনিয় যে যোৱা বছৰৰ ফেব্ৰুৱাৰি মাহৰ পৰা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হৈছিল ৷ ইয়াৰ লগে লগে ৰাছিয়াৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি জাপানে পাশ্চাত্যৰ দেশবোৰৰ লগত মিত্ৰতা স্থাপন কৰিছিল ৷ ইয়াৰ সমান্তৰালকৈ দক্ষিন কোৰিয়াইও ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ জাৰি কৰিছে আৰু এই অৱৰোধতো সমৰ্থন জনাইছে জাপানে । ৰাছিয়াই জনোৱামতে যিবোৰ সামগ্ৰী ৰাছিয়ালৈ সৰবৰাহ হৈ আছিলে সেই সামগ্ৰীবোৰ যদি বন্ধ হৈ যাই তেতিয়া হলে ইয়াৰ উচিত পৰিনাম ভোগিব লাগিব চিউলে । সংবাদ সংস্থা ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি যিবোৰ সামগ্ৰী চিউলে ৰাছিয়লৈ প্ৰেৰণ কৰিছিল সেইবোৰ সামগ্ৰী ৰাছিয়াই ইউক্ৰেইনৰ যুদ্ধত ব্যৱহাৰ হোৱা বুলি নিশ্চিত হৈছে জাপান আৰু দঃকোৰিয়া । গতিকে এনে যন্ত্ৰপাতি বন্ধ কৰাৰ হুংকাৰ দিছে দক্ষিন কোৰিয়াই আৰু ইয়াৰ লগে লগেই এক কঠোৰ সকিয়নি দিছে ৰাছিয়াই । 

Leave a Reply

Your email address will not be published. Required fields are marked *