অসমত ‘ জল জীৱন ’ ৰূপায়ণ

Share

তৃষ্ণা দাস,২৪ ছেপ্তেম্বৰঃ কেন্দ্ৰীয় জলশক্তি খাদ্য সংসাধন, উদ্দ্যোগ ইত্যাদি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বঙলাত এখন পৰ্য়ামলোচনা মূলক বৈঠকত মিলিত হয়। বৈঠকত অসমত জল জীৱন আঁচনি ৰূপায়নৰ দিশ আলোচনা কৰে।

কেন্দ্ৰীয় মন্ত্ৰী পেটেলে অসমত খাদ্য সংসাধন উদ্যোগৰ সম্ভাৱনীয়তা সম্পৰ্কে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে। ড০ শৰ্মাই কয় যে- ‘অসমত জল জীৱন আচঁনিথন ৰূপায়নৰ ক্ষেত্ৰত উপায়ুক্তসকলক কতূৰ্ত্ব প্ৰদান কৰাৰ লগতে প্ৰতিমাহে উপায়ুক্তসকলৰ সৈতে কামৰ আগ্ৰগতি পৰ্যালোচনা কৰা হৈছে। চলিত বৰ্ষত ২২ লাখ পৰিয়াললৈ নলযোগে পানী যোগানৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেঁও কয় যে ৮০০ খন চাহ বাগিচাত আচঁনিখন ৰূপায়নৰ বাবে ততপৰতাৰে পদক্ষেপ গ্ৰহন কৰা হৈছে। তাৰোপৰি প্ৰকল্পসমূহত যাতে গুণগত মান অটুট থাকে সেই দিশতো গুৰুত্ব আৰোপ কৰা হৈছে’।

Leave a Reply

Your email address will not be published. Required fields are marked *