গুণোৎসৱৰ দৰে অসমজুৰি হ’ব জলোৎসৱ

Share
নিউজ ডেস্ক,২২ আগষ্টঃ  শিক্ষা বিভাগত গুণোৎসৱৰ দৰে অসমত এইবাৰ হ’ব জলোৎসৱ । জয়ন্ত মল্ল বৰুৱাই কয় যে,  এজন বিষয়াই অসমৰ জল জীৱন আঁচনিৰ সম্পূৰ্ণ হোৱা স্কিমত দিনটো থাকি নিৰীক্ষণ কৰিব । দেওবাৰে হোজাই জিলা সদৰ শংকৰদেৱ নগৰত জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ লগত হোৱা বৈঠকৰ পিছত সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে এই মন্তব্য দিয়ে।
অহা এক ছেপ্টেম্বৰৰ পৰা জল জীৱন আঁচনিৰ অধীনত সম্পূৰ্ণ হোৱা স্কিমসমূহত আত্মসহায়ক গোটৰ সদস্যই সেই অঞ্চলৰ লোকসকলক এই আঁচনিৰ বিশুদ্ধ জলৰ পৰা কি কি লাভ হ’ব তাক বাখ্যা কৰিব। ইয়াৰ পিছত নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ – ছাত্ৰীক আঁচনিসমূহলৈ নি জল পৰীক্ষা কৰাৰ লগতে সাধাৰণ জল আৰু এই জলৰ মাজত প্ৰাৰ্থক্য নিৰূপণ কৰা হ’ব । উক্ত বৈঠকখনত হোজাইৰ বিধায়াক ৰামকৃষ্ণ ঘোষ, লামডিংৰ বিধায়কৰ লগতে জিলা প্ৰশাসনৰ বিষয়াবৰ্গ উপস্হিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *