জয়ৰাম ইংলেঙৰ কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তন, কাৰ্বি পাহাৰৰ ৰাজনীতিত নতুন মোৰ

Share

২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই বিজেপি শিবিৰত পুনৰ অঘটন। সমগ্ৰ জল্পনা-কল্পনাৰ অৱসান ঘটাই হাওৰাঘাট বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জয়ৰাম ইংলেংসহ ৭ জন বিজেপি নেতাই শুকুৰবাৰে আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে।

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ভূপেন হাঞ্চু, সক্ৰিয় বিজেপি কৰ্মী মহেশ্বৰ ৰাইজুং, এডৱাৰ্ট টপ্ন’, কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মোহন তেৰণ, দিলীপ তেৰাং, চন্দ্ৰ লেকথে আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিজেপিৰ সম্পাদক লক্ষীকান্ত বৰদলৈয়েও  কংগ্ৰেছ দলত যোগদান কৰাত শাসনাধিষ্ঠ চৰকাৰখন কিছু চিন্তিত হোৱা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা উক্ত যোগদান সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ সমিটিৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যকে আদি কৰি বহু কেইগৰাকী সাধাৰণ সম্পাদক আৰু প্ৰাক্তন বিধায়ক।

কংগ্ৰেছত যোগদান কৰি জয়ৰাম ইংলেঙে কয়, “আজি বুদ্ধ পূৰ্ণিমাৰ দিন। অহিংসাই পৰম ধৰ্ম এই কথা সৰোগত কৰি এই পবিত্ৰ দিনটোত ডিফুলৈ অহাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এক কথাত মোৰ আজি ‘ঘৰ ৱাপচী’ হৈছে। জাতি, ধৰ্ম, বৰ্ণ লৈ কৰা ৰাজনীতি কৰিব নিবিচাৰোঁ। এই ৰাজনীতি মোৰ বাবে তিক্ততাপূৰ্ণ হৈ পৰিছে। নিৰাপত্তা, শান্তি, উন্নয়ন আদিক গুৰুত্ব নিদি ধৰ্মৰ ভিত্তিত বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্যৰ নেতৃত্ব নিমজ্জিত হৈছে।”

Leave a Reply

Your email address will not be published. Required fields are marked *