উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে জগদীশ ধনখৰে

Share

নিউজ ডেস্ক,১২ আগষ্টঃ ১১ আগষ্ট তাৰিখে দেশৰ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে জগদীশ ধনখৰে। উল্লেখ্য যে দেশৰ ১৪ সংখ্যক উপ-ৰাষ্ট্ৰপতি হয় জগদীশ ধনখৰ।নৱ-নিৰ্বাচিত  উপ-ৰাষ্ট্ৰপতি গৰাকীক শপত বাক্য পাঠ কৰায় দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ কাৰ্যকাল শেষ হোৱাত এই দায়িত্ব গ্ৰহণ কৰে জগদীশ ধনখৰে। ২০০০ চনত বিজেপিত যোগদান কৰিছিল ৭১ বছৰীয়া জগদীশ ধনখৰে। উল্লেখ্য যে তেওঁ ৰাজ্যসভাৰ অধ্যক্ষ পদতো অধিস্থিত হৈছিল।

উল্লেখযোগ্য যে ৬ আগষ্টত হোৱা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জগদীশ ধনখৰে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী মাৰ্গাৰেট আলভাৰ বিপৰীতে বৃহৎ  পৰিমাণৰ ভোট লাভ কৰি এই পদত জয় লাভ কৰিবলৈ সক্ষম হৈছিল। ২০১৯ চনত পশ্চিমবংগৰ ৰাজ্যপাল হিচাপেও তেওঁক নিযুক্তি প্ৰদান কৰা হৈছিল।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *