ৰাজ্যত হাতীদাঁতৰ চোৰাং-বেহা, কামাখ্যা ৰে’ল ষ্টেচনত হাতীদাঁ‌তসহ আটক এজনক

Share

দেশত বৃদ্ধি পাইছে অবৈধ সা-সামগ্ৰীৰ বেহা । প্ৰতিদিনে বহিঃৰাজ্যৰ পৰা চোৰাং সামগ্ৰী সৰবৰাহ হৈ থকাৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ পুনৰ ৰে’লেৰে চোৰাং হাতীদাঁ‌ত সৰবৰাহ কৰাৰ সময়ত ৰে’ল আৰক্ষীৰ জালত সৰবৰাহকাৰী । কামাখ্যা ৰে’ল ষ্টেটনত GRP য়ে তালাচী অভিযান চলাই উদ্ধাৰ কৰিছে ২ কেজি ওজনৰ চোৰাং হাতীৰ দাঁ‌ত । এই চোৰাং হাতীৰ দাঁ‌তসহ এজন লোকক আটক কৰিছে ৰে’ল আৰক্ষীয়ে । আটক হোৱা লোকজনৰ নাম সন্দীপ যোশী বুলি জানিব পৰা গৈছে । ইফালে, আটক হোৱা লোকজনৰ ঘৰ ৰাজস্থানত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে, লাচিত এক্সপ্ৰেছযোগে গুৱাহাটীলৈ আহি থকা অৱস্থাত আটক কৰা হয় লোকজনক । গোপন সূত্ৰৰ পৰা ৰে’ল আৰক্ষীয়ে লাভ কৰিছিল হাতীৰ দাঁত সৰৱৰাহ কৰাৰ তথ্য । সেই তথ্য অনুসৰিয়েই লোকজন আহি থকা ডবাটোত তালাচী চলাইছিল GRP য়ে । বৰ্তমান সোধপোছ অব্যাহত ৰাখিছে ৰেল আৰক্ষীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *