গুৱাহাটী,১০ মে’ঃ দিনে দিনে এটাৰ পাছত আনটোকৈ ধাৱমান আলফা স্বাধীনলৈ । ক্রমাৎ আলফামুখী হোৱাক লৈ যেন চিন্তিত হৈ পৰিছে সচেতন মহল । ৰাজ্যৰ একাংশ যুৱক – যুৱতীয়ে ক্রমাৎ আলফা স্বাধীনত যোগদান কৰাৰ বাতৰিয়ে শিৰোনাম দখল কৰাৰ লগতে ৰাজ্যত খলকনি সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ আন এক খবৰে জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য । কিছুদিন পূৰ্বে একাংশ যুৱক-যুৱতী আলফাত যোগদান কৰা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতে এইবাৰ উজনি অসমৰ সীমামূৰীয়া তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ১নং চেলেংগুৰিৰ নিৱাসী সন্মিন নেওগৰ পুত্র অচ্যুত নেওগ আৰু বোৱাৰী মমতা নেওগে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ প্রকাশ কৰিছে পৰিয়ালৰ লোকে ।
যি ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যতে । পৰিয়ালৰ ভাষ্য অনুসৰি , যোৱা ৫ মে’ ৰ দিনা ডিৰাক কপাহতলীৰ বাসিন্দা অচ্যুত নেওগ আৰু তেওঁৰ পত্নী মমতা নেওগে ১নং চেলেংগুৰিত থকা ঘৰলৈ গৈছিল । তাৰ পাছতে আহিছিল এটা ফোন কল । কিছু কথা পতাৰ পাছতে সন্ধিয়া কপাহতলীৰ ঘৰলৈ বুলি ওলাই অহাৰ দিন ধৰি সন্ধানহীন এই দম্পতীহাল । অচ্যুতৰ পিতৃৰ ভাষ্য অনুসৰি , সন্ধিয়া এজন আৰক্ষী বিষয়াই ফোনযোগে অৱগত কৰে পুত্র-বোৱাৰী আলফা স্বাধীনত যোগদান কৰা বুলি । খবৰ শুনি কান্দোনত ভাগি পৰে পৰিয়ালটি । কান্দোনত ভাগি পৰা পৰিয়ালটিয়ে কাতৰ আহ্বান জনাইছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ যাতে চাৰি বছৰীয়া কন্যা সন্তানটিৰ মুখলৈ চাই পুত্র আৰু বোৱাৰীক উভতাই পঠায় । উল্লেখযোগ্য যে , অচ্যুত নেওগৰ পিতৃ সন্মিন নেওগে ১৯৯৩ চনত আলফা ত্যাগ কৰি আত্মসমৰ্পণ কৰিছিল ।উচ্চ শিক্ষিত অচ্যুত নেওগে আলফাত যোগদান কৰাক লৈ চৰকাৰৰ প্রতি যুৱচামৰ অনীহা প্রকাশ পোৱা কথা স্পষ্ট হোৱা পৰিলক্ষিত হৈছে একাংশ সচেতন লোকৰ মাজত । তদুপৰি, ক্রমাৎ যুৱক-যুৱতী আলফামুখী হোৱাৰ কাৰণ কি? মূল্যবৃদ্ধি , নিৱনুৱা সমস্যা হয়তো সমাজৰ প্রতি আস্থা হেৰুৱাইছে নেকি যুৱপ্রজন্ম ? তাক লৈ এতিয়া শংকিত হৈ পৰিছে সচেতন মহলৰ লগতে অভিভাৱকসকল ।