চ’ততে আহিল বানৰ সংহাৰ

Share
ডিজিটেল ডেস্ক, ০৭ এপ্ৰিলঃ জলবায়ু সলনি হোৱাৰ লগে লগে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠও সলনি হৈছে। যাৰ ফলত এইবাৰ চ’ত মাহতে বানে বুৰাইছে ৰাজ্যৰ কিছু অংশ। ৰঙালী বিহুৰ আগমূহুৰ্ততে উজনি অসমৰ ভিন্ন প্ৰান্তত বানে বিস্তিৰ্ণ কৰিছে কৃষিভূমিৰ লগতে বহুকেইবাখনো গাওঁ। যাৰ ফলত বানাক্ৰান্ত ৰাইজৰ মাজত হাহাকাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু বহুতো সমস্যাৰ সন্মুখীন হব লগা হৈছে বানাক্ৰান্ত লোকসকল। উল্লেখ্য যে প্ৰতিবছৰে ৰাজ্যত বাৰিষাৰ বানে আৰু গৰা খহনীয়াই সমগ্ৰ ৰাজ্যতে ভয়ংকৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। লগতে বানৰ কবলত পৰা বানাক্ৰান্ত লোকসকল বহুতো সমস্যাৰ সন্মুখীন হব লগা হৈছে।
কিন্তু এইবাৰ চ’ত মাহতে ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে এক ভয়ংকৰ ভাবুকি। ইতিমধ্যে বিশেষজ্ঞ সকলে অনাগত সময়ছোৱাত ৰাজ্যত বানৰ প্ৰকোপ বৃদ্ধি পাব বুলি কঠোৰ সকীয়নি প্ৰদান কৰিছে। ইফালে ব্ৰহ্মপুত্ৰ, গংগা আৰু মেঘনা নদীৰ ওপৰত অধ্যয়ন কৰি কেইবাবছৰমান পূৰ্বে সকীয়নি দিছিল যে জলবায়ু পৰিৱৰ্তনৰ ফলত আগন্তুক দিনত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাব আৰু আজিলৈকে বানত বুৰ নোযোৱা অঞ্চলসমূহো ভৱিষ্যতে বানপানীৰ কবলত পৰিব বুলি মন্তব্য দিয়ে বিশেষজ্ঞসকলে। 

Leave a Reply

Your email address will not be published. Required fields are marked *