এটা কবিতাৰ বাবেই কাৰাৰুদ্ধ বৰ্ষাশ্ৰীক অৱশেষত পৰীক্ষাত বহিবলৈ অনুমতি প্ৰদান আদালতৰ ! এই সন্দৰ্ভত কি   ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ?

Share

অৱশেষত বহু দাবী আৰু কাতৰ আহ্বানৰ ফলস্বৰূপে দুমাহ ধৰি কাৰাৰুদ্ধ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক পৰীক্ষা দিবলৈ অনুমতি প্ৰদান কৰিলে গোলাঘাট সত্ৰ ন্যায়াধীশ আদালতে ।দ্বিতীয় ষাণ্মাষিকত অধ্যয়ণৰত ছাত্ৰীগৰাকীৰ পৰীক্ষা অনুষ্ঠিত হ’ব ১৮ জুলাইৰ পৰা সেয়েহে বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল সামজিক মাধ্যমত । এটা বিপ্নৱী , জাতীয়তাবদী কবিতা লিখিছিল , য’ত লিখা আছিল – ‘স্বাধীন সূৰ্যৰ দিশে আকৌ এখোজ, আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ’  এই পংক্তিটোৰ বাবেই অসম  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বৰ্ষাশ্ৰী বুঢ়াগোঁহাইক ।ছাত্ৰীগৰাকীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছিল বিভিন্নজন ।

আৰু ইতিমধ্যে আদালতৰ নিৰ্দেশ অনুসৰি  নিৰ্ধাৰিত সময়সূচী মতে পৰীক্ষা দিব পাৰিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে ।লগতে,  কটকটীয়া নিৰাপত্তাৰ মাজেৰে পৰীক্ষাগৃহলৈ লৈ অনা হ’ব বৰ্ষাশ্ৰীক ।আনহাতে পৰীক্ষা শেষ হোৱাৰ পাছত আকৌ কটকটীয়া নিৰাপত্তাৰ মাজেৰে কাৰাগাৰলৈ  লৈ যোৱা হ’ব বৰ্ষাশ্ৰীক ।আৰু এই  সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্তৱ্য কৰিছে যে – ‘আলফালৈ নাযাওঁ  আৰু পঢ়া-শুনাত মন দিম বুলি প্ৰতিশ্ৰুতি দিলেই কাৰাগাৰৰ পৰা মুকলি হ’ব বৰ্ষাশ্ৰী ।আৰু আনফালে মন্ত্ৰী পিযুষ হাজৰিকাই মন্তব্য কৰিছে যে ‘ ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি কোৱাজনৰ বিৰুদ্ধে ব্যৱস্থা ল’লে যদি ৰাইজে বেয়া পায় তেন্তে বিষয়টো চিন্তনীয়’ ।   

Leave a Reply

Your email address will not be published. Required fields are marked *