গ্ৰেপ্তাৰ কৰা হ’ল আইছিছৰ মুৰব্বী হৰিশ ফাৰুকী আৰু অনুৰাগ সিঙক

Share

লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত ভয়ংকৰ কূটাঘাতৰ লক্ষ্যৰে বাংলাদেশৰ পৰা অসমত প্ৰৱেশ কৰা কুখ্যাত সন্ত্রাসবাদী সংগঠন আইছিছৰ মুৰব্বীক এজন লগত আন এক সহযোগীক ধুবুৰীৰ ধৰমশালাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। অসম আৰক্ষীৰ স্পেচিয়েল স্টাফ ফর্চ এ অভিযান চলাই আজি আইছিছ ইণ্ডিয়াৰ মুৰব্বী হৰিশ ফাৰুকী ওৰফে হৰিশ আজমল ফাৰুকী আৰু সহযোগী অনুৰাগ সিং ওৰফে ৰিহানক গ্ৰেপ্তাৰ কৰে। নেচনেল ইনভেষ্টিগেচন এজেন্সী লগতে কেইবাটাও তদন্তকাৰী সংস্থাৰ ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী হিচাপে তালিকাভুক্ত আছিল হৰিশ ফাৰুকী আৰু অনুৰাগ সিং। অসম আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি আইছিছৰ দুই শীর্ষ নেতাই চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত বাহৰ পাতি থকাৰ পিছত কৃতাঘাতমূলক কাৰ্যকলাপৰ লক্ষ্যৰে ধুবুৰীৰে ভাৰতত প্ৰৱেশ কৰাৰ তথ্য ভগ্নী সংস্থায়ী পৰা লাভ কৰিছিল। ইয়াৰ পিছতে এছটিএফৰ মুৰব্বী আইজিপি পার্থসাৰথি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক আৰু আন কেইবাজনো শীর্ষ আৰক্ষী বিষয়াৰ এটা দল ধুবুৰী অভিমুখে ৰাওনা হয়। দুই শীর্ষ সন্ত্রাসবাদীক কৰায়ত্ত কৰাৰ লক্ষ্যৰে ১৯ মাৰ্চৰ সন্ধিয়া তেওঁলোক ধুবুৰীত উপস্থিত হয়। ইয়াৰ পিছতে এছটিএফৰ দলটোৱে আন্তঃৰাষ্ট্ৰীয় সীমাৰ আশেপাশে সন্ত্রাসবাদী দুজনৰ সন্ধানত অভিযান আৰম্ভ কৰে আজি ৰাতি পুৱা প্রায় ৪.১৫ বজাত হৰিশ ফাৰুকী আৰু অনুৰাগ সিঙে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ ধুবুৰীৰ ধৰমশালাত উপস্থিত হোৱাৰ তথ্য এছটিএফৰ দলটোৱে লাভ কৰে। সেই স্থানতে তেওঁলোকক গ্ৰেপ্তাৰ কৰি আজি গুৱাহাটীস্থিত এছটিএফৰ কাৰ্যালয়লৈ লৈ অহা হয়। দুয়োজন সন্ত্রাসবাদীৰ বিৰুদ্ধে ‘নিয়া’ৰ উপৰি দিল্লী, লক্ষ্ণৌ আদিত এন্টি টেৰৰিজম স্কোৱাডত কেইবাটাও গোচৰ ৰুজু হৈ আছে। সেয়েহে আইনী প্রক্রিয়া অনুসৰি এছটিএফে ধৃত দুই সন্ত্রাসবাদীক নিয়ালৈ হস্তান্তৰ কৰিব। উল্লেখ্য যে ডেৰাডুনৰ চাক্রাটা অঞ্চলৰ আজমল ফাৰুকীৰ পুত্ৰ হৰিশ ফাৰুকীয়ে ভাৰতত আইছিছক নেতৃত্ব দি আহিছে।আনহাতে তেওঁৰ সহযোগী অনুৰাগ সিং পানীপটৰ দিৱানা অঞ্চলৰ বাসিন্দা।বিশেষকৈ ধৰ্মীয় সংখ্যালঘু লোকসকলক প্ৰৰোচিত কৰি সংগঠন দুটাৰ শ্লীপাৰ ছেল গঠন কৰাৰো তেওঁলোকে চেষ্টা কৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *