২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ আই পি এল

Share

২২ মাৰ্চ অৰ্থাৎ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪।ইতিমধ্যে বিচিচিআইয়ে প্ৰকাশ কৰিছে প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব ২১খন খেলৰ সূচী। অহা ৭ এপ্ৰিললৈকে অুনষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ৰ প্ৰথমখন মেচ ২২ মাৰ্চত সন্ধিয়া ৭:৩০ বজাৰ চেন্নাইৰ চেপাউক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।আই পি এলৰ উদ্বোধনী মেচখন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব। ৫বাৰৰ চেম্পিয়ন চেন্নাইৰ অধিনায়কত্ব এম এছ ধোনীৰ হাতত থকা বিপৰীতে দক্ষিণ আফ্ৰিকাৰ বেটছমেন ফাফ ডু প্লেছিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অধিনায়কত্ব কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *