আজি অনুষ্ঠিত হ’ব চেন্নাই ছুপাৰ কিংছ্ বনাম গুজৰাট টাইটানছৰ মাজত হ’বলগীয়া আই পি এল-২০২৩ৰ চূড়ান্ত মেচখন। দেওবাৰে বৰষুণে বিধি-পথালি দিয়া বাবে গুজৰাটৰ আহমেদাবাদস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফাইনেল খেলখন বাতিল কৰা হৈছিল।
দেওবাৰে সন্ধিয়া ৭ঃ৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া খেলখন টচৰ আধাঘণ্টা পূৰ্বৰ পৰা বৰষুণে বিধি-পথালি দিয়া বাবে আৰম্ভ কৰিব পৰা হোৱা নাছিল। সময় কমি অহাৰ লগে লগে মহেন্দ্ৰ সিং ধোনী বাহিনী আৰু হাৰ্দিক পাণ্ডিয়া বাহিনীৰ মাজত অনুষ্ঠিত হবলগীয়া চূড়ান্ত খেলখন অধিক চুটি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল। ১২ঃ০৬ বজালৈকে খেলখন আৰম্ভ কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল। আনকি ছুপাৰ অভাৰ অনুষ্ঠিত কৰিবৰ বাবে অন্তিম সময় নিৰ্ধাৰণ কৰা হৈছিল ১২ঃ৫৬ বজালৈ যদিও খেলপথাৰ সাজু নোহোৱা বাবে সেয়াও সম্ভৱপৰ নহ’ল।
ইয়াৰ পূৰ্বেও সিন্ধান্ত লোৱা হৈছিল যে, যদি পাঁচ অভাৰো খেলাটো সম্ভৱ নহয়, তেন্তে চূড়ান্ত খেলখন এদিন পিছুৱাই দিয়া হ’ব। সেই মৰ্মেই চূড়ান্ত খেলখন আজি সন্ধিয়া ৭ঃ৩০ বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী খেলপথাৰতেই অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।
উল্লেখযোগ্য যে, মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছ্ বনাম হাৰ্দিক পাণ্ডিয়া নেতৃত্বাধীন গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখন চাবলৈ সকলো ক্ৰিকেট অনুৰাগী আগ্ৰহৰে বাট চাই থকা পৰিলক্ষিত হৈছে।