ডিজিটেল ডেস্কঃ ২৮ আগষ্টত ৰাজ্যত পুনৰ বন্ধ হ’ব ইন্টাৰনেট সেৱা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ বাবে ৰাজ্যত বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট। ইতিমধ্যে ২১ আগষ্টত অনুষ্ঠিত হৈ যায় চতুৰ্থ বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। পৰীক্ষা অনুষ্ঠিত দিন দুটাত আগবেলা দুঘণ্টা আৰু পিছবেলা দুঘণ্টাকৈ মুঠ চাৰিঘণ্টা ইণ্টাৰনেট বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। কাৰণ কোনো দুষ্ট চক্রই হোৱাটছএযোগে প্ৰশ্নকাকত ভাইৰেল কৰিব নোৱাৰে ।
কিন্তু চৰকাৰৰ এই পদক্ষেপে ইণ্টাৰনেটৰ লগতজড়িত ব্যৱসায়ীসকলক যথেষ্ট ক্ষতি কৰিছে বুলি চৰ্চা চলিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কয়- ইণ্টাৰনেট বন্ধ ৰখাটো বহুত ভাল হৈছে। শিক্ষাৰ্থীয়ে বহুত ভাল পাইছে ইন্টাৰনেট বন্ধ ৰখাৰ বাবে। লৰা-ছোৱালীয়ে এইবাৰ পৰীক্ষা দি মনত শান্তি পাইছে।
OLA-UBER চালক সকলে এই ক্ষেত্ৰত যথেষ্ট ভাল পাইছে বুলি মন্তব্য কৰি তেওঁ কয় যে, OLA – UBER চালকে আমাক আশীৰ্বাদ দি আছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।