তীব্ৰ প্ৰতিবাদৰ পাছতেই কেইবাখনো জিলাত বন্ধ হৈছে ইণ্টাৰনেট সেৱা

Share

কেইবাখনো জিলাত বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা ।  লগতে জাৰি কৰা হৈছে সান্ধ্য আইনো  । জনজাতীয় গোটৰ দ্বাৰা কৰা সমদলৰ পিছতেই মণিপুৰ চৰকাৰে আইন – শৃংখলা বজাই ৰাখিবলৈ ৫ দিনৰ বাবে মোবাইলৰ ইণ্টাৰনেট সেৱা স্থগিত ৰাখিছে । আৰু এই কথা ৩ মে’ত এক নিৰ্দেশনাৰ জৰিয়তে সদৰি কৰে । বিভিন্ন সভা-সমিতি সমুহত নিষেধাজ্ঞা জাৰি হোৱাৰ লগতে কেইবাখনো জিলাত সান্ধ্য আইন জাৰি কৰিছে ।

বুধবাৰে অনুসূচীত জনজাতি শ্ৰেণীত ‘মৈতেই’ সম্প্ৰদায় অন্তভুক্ত কৰাৰ দাবীৰ বিৰুদ্ধে সৃষ্টি  হৈছিল প্ৰতিবাদ। ৰাজ্যখনৰ ১০খন পাহাৰীয়া জিলাৰ ছাত্ৰ সংগঠনে আহ্বান কৰা ‘আদিবাসী সংহতি মাৰ্চত’ হাজাৰ হাজাৰ জনতাই যোগদান কৰে ।

তাৰোপৰি মণিপুৰৰ ‘অল ট্ৰাইব ষ্টুডেণ্টছ ইউনিয়নে’ও এক সমদলৰ আহ্বান কৰিছিল । লগতে সংগঠনটোৱে কয় যে , এছ টি শ্ৰেণীক ‘মৈতেই’ সম্প্ৰদায়ক অন্তৰ্ভূক্ত কৰাৰ দাবী বিৰুদ্ধে এই প্ৰতিবাদ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *