এইবাৰ আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধীৰ চকু পৰিছে অসমত

Share

গুৱাহাটী,১৬ ছেপ্টেম্বৰ : ৰাজ্যিক অথবা দেশীয় চক্ৰ নহয়। । উত্তৰ- পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ অসমৰ গুৱাহাটী মহানগৰীৰ পৰাই নিয়ন্ত্ৰিত হৈছে আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ চক্র। দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত গুৱাহাটী মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাৰ যুটীয়া অভিযানত পোহৰলৈ আহিল এই বিস্ফোৰক তথ্য। কালি নিশাৰ পৰা মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰক্ষী-অপৰাধ শাখাৰ যুটীয়া অভিযানত মুঠ আঠ স্থানৰ পৰা ১৯১ জন চাইবাৰ অপৰাধীক আটক কৰাৰ লগতে সমগ্ৰ এই প্ৰক্ৰিয়াটোত জড়িত তিনিজন অন্যতম অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। ধৃত তিনিজন অন্যতম অভিযুক্ত হৈছে ক্ৰমে কৰিমগঞ্জ জিলাৰ দেৱজ্যোতি দে’ ওৰফে ডেভিড (৩১), পঞ্জাবৰ লুধিয়ানাৰ ৰাজন ছিদানা (৩৯) আৰু দিল্লীৰ দিব্যম অৰোৰা (৩১)। 

তিনি অভিযুক্তই মহানগৰীত ভুৱা কল চেণ্টাৰ স্থাপন কৰি বহু যুৱক-যুৱতীক এই কামত লিপ্ত কৰি বছৰ বছৰ ধৰি কোটি কোটি টকা নিৰীহ জনসাধাৰণৰ পৰা লুণ্ঠন চলাই আছিল। চাইবাৰ অপৰাধ জগতৰ এই চাঞ্চল্যকৰ তথ্য সন্দৰ্ভত তদন্ত আগবঢ়াই এতিয়া হতভম্ব হৈ পৰিছে স্বয়ং আৰক্ষী আয়ুক্তয়ো। আজি এই সন্দৰ্ভত আয়োজিত এখন সংবাদ মেলত আৰক্ষী আয়ুক্ত বৰাই কয় যে প্ৰায় তিনি মাহ পূর্বে মহানগৰীত অবৈধভাৱে পৰিচালিত হৈ থকা চাইবাৰ অপৰাধ চক্ৰৰ কল চেণ্টাৰৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰিছিল। সেইমৰ্মে তদন্ত অব্যাহত ৰাখি আৰক্ষীয়ে কেন্দ্ৰসমূহ ভুৱা বুলি নিশ্চিত হোৱাৰ পিছত কালি নিশাৰ ভাগত পৃথকে পৃথকে বিভিন্ন স্থানত অভিযান চলাই তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে চক্ৰটোৰ সৈতে জড়িত আন ১৯১ জন লোকক আটক কৰে।

চাইবাৰ অপৰাধ, গ্ৰেপ্তাৰ, আটক, সংবাদ মেল, অপৰাধ চক্র, ৰম্যভূমি, চেন্টাৰ, আৰক্ষী

Leave a Reply

Your email address will not be published. Required fields are marked *