৮ ডিচেম্বৰত অনুষ্ঠিত গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ বেডমিন্টন প্ৰতিযোগিতাত ভাৰতৰ সতীশ কুমাৰ কৰুণাকৰণে পুৰুষৰ একক শাখাত খিতাপ জয় কৰে।প্ৰতিযোগিতাৰ ফাইনেলত সতীশে চীনৰ কোৱালিফায়াৰ শ্বাটলাৰ ঝু জুৱান চেনক ২১-১৭, ২১-১৪ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে।ইফালে ভাৰতীয় বেডমিন্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্ট’ৰ যুটীয়ে প্ৰতিযোগিতাৰ মহিলা ডাবলছ শাখাত খিতাপ দখল কৰিবলৈ সক্ষম হয়।ফাইনেলত এই যুটিটোৱে চীনৰ লী হুৱা ঝুউ আৰু ৱাং জি মেঙক ২১-১৮,২১-১২ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে।এই প্ৰতিযোগিতাৰ তিনিটা শাখাত ভাৰতৰ শ্বাটলাৰে অংশ লৈছিল যদিও মহিলাৰ একক শাখাৰ খিতাপৰ যুঁজত আনম’ল খাৰব পৰাস্ত হয় ।চীনৰ চাই য়ান য়ানে ১৪-২১,২১-১৩,২১-১৯ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে আনম’ল খাৰবক।গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ বেডমিন্টন প্ৰতিযোগিতাত উপস্থিত থাকে অসমৰ ক্ৰীয়া মন্ত্ৰী নন্দিতা গাৰ্লোছা ,বি চি চি আইৰ নৱনিযুক্ত সচিব দেৱজিত্ শইকীয়া ,ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুং,অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ ,অসম বেডমিন্টন সন্থাৰ সম্পাদক আৰু কোষাধ্যক্ষ ওমৰ ৰছিদ ,গৌতম মহন্তসহ অন্য বিষয়াসকল। এই প্ৰতিযোগিতাৰ চেম্পিয়ন হয় সতীশ , অশ্বিনী আৰু তানিশা।