বিদেশত গৈ ৰকষ্টাৰ নাম পালে ভাৰতৰ প্ৰধানমন্ত্ৰী মোডীয়ে

Share

অষ্ট্ৰেলিয়াৰ ছিডনীত মঙ্গলবাৰে অনুষ্ঠিত হোৱা প্ৰৱাসী ভাৰতীয়ৰ  এক অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অংশগ্ৰহণে ছিডনীত কৰি তোলে মোডীময়।   বিদেশত  ক্ষুদ্ৰ ভাৰত হিচাপে হৈ পৰিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ছিডনীৰ কুডছ বেংক এৰিনাত প্ৰৱাসী ভাৰতীয়ই অনুষ্ঠিত কৰা এখন সভাত দেশখনৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰতীয়সকলে অংশগ্ৰহণ কৰে। সভাখনত মোডীৰ আগমনে চাৰিওফালে মোডী মোডী ধ্বনিৰে আদৰণি জনাই উৎসৱমুখৰ  পৰিৱেশ কৰি তোলে।  অতি কমেও ২০ সহস্ৰাধিক প্ৰৱাসী ভাৰতীয়ই  প্ৰধানমন্ত্ৰীক  আদৰণি জনায়।

উক্ত অনুষ্ঠানটোত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি আলবানিজ উপস্থিত থাকে। অনুষ্ঠানটোত উপস্থিত হৈ এন্থনি আলবানিজে মোডীৰ বিপুল জনপ্ৰিয়তা দেখি মাৰ্কিন ৰক সংগীত শিল্পী ব্ৰুচ স্প্ৰিংষ্টিনৰ সৈতে তুলনা কৰে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীক দা বছ বুলি সম্বোধন কৰে। 

উল্লেখ্য যে, অনুষ্ঠানটোত  মোডীয়ে শক্তি, অৰ্থনীতি আৰু শিক্ষাক তিনিটা ই বুলি  অভিহিত কৰি তিনি ক্ষেত্ৰৰ ভাৰত- অষ্ট্ৰেলিয়াৰ মৈত্ৰীৰ আধাৰ বুলি আখ্যা কৰে। 

 

Leave a Reply

Your email address will not be published. Required fields are marked *